/asomiyapratidin/media/media_files/2025/07/29/fdfdf-2025-07-29-12-52-41.jpg)
অপাৰেচন সিন্দূৰ সন্দৰ্ভত লোকসভাত অমিত শ্বাহৰ ভাষণ
ডিজিটেল ডেস্কঃ সদনত অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিতৰ্ক অব্যাহত থকাৰ মাজতে দুপৰীয়া বক্তব্য ৰাখে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। অপাৰেচন মহাদেৱত নিহত হোৱা তিনিজন সন্ত্ৰাসবাদী পহলগাম আক্ৰমণৰ সৈতে জড়িত আছিল বুলি নিশ্চিত কৰিছে অমিত শ্বাহে। তেওঁ লগতে উল্লেখ কৰে যে, অপাৰেচন মহাদেৱত নিহত তিনিওজনেই এনআইএৰ ৰাডাৰত “এ-গ্ৰেড” সন্ত্ৰাসবাদী আছিল।
অমিত শ্বাহে লগতে সদৰি কৰে যে, "ইতিমধ্যে NIA-এ আশ্ৰয় দিয়াসকলক গ্ৰেপ্তাৰ কৰিছিল। খাদ্য যোগান ধৰাসকলক আটক কৰি ৰখা হৈছিল। সন্ত্ৰাসবাদীৰ মৃতদেহ শ্ৰীনগৰত উপস্থিত হোৱাৰ লগে লগে পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা তিনিজন লোক বুলি চিনাক্ত কৰা হৈছে। সন্ত্ৰাসবাদী আক্ৰমণৰ কাৰ্টিজৰ এফএছএলৰ প্ৰতিবেদন ইতিমধ্যে সাজু হৈছিল। কালি তিনিওজন সন্ত্ৰাসবাদীৰ ৰাইফল জব্দ কৰা হৈছে। সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ হোৱা চকলেটসমূহ পাকিস্তানত নিৰ্মাণ কৰা হৈছিল" বুলিও ভাষণত উল্লেখ কৰে।
আনহাতে বিৰোধী দল কংগ্ৰেছক কটাক্ষ কৰি কয় যে, "মই ভাবিছিলো যেতিয়া শাসকীয় দল আৰু বিৰোধীৰ লোকে এই তথ্য শুনিব তেতিয়া তেওঁলোক সুখী হ'ব। কিন্তু তেওঁলোকৰ (বিৰোধী) মুখত চিঞাহী পৰিল। সন্ত্ৰাসবাদীক হত্যা কৰা হ'ল, আপোনালোক এই কথাত সুখী নহয়নে? সন্ত্ৰাসবাদীৰ ধৰ্ম দেখি আপুনি দুখী হোৱা উচিত নহয়" বুলিও সদনত মন্তব্য কৰে অমিত শ্বাহে।
উল্লেখযোগ্য যে, অপাৰেচন সিন্দূৰ সন্দৰ্ভত কেইবাগৰাকীও নেতাই ভাষণ ৰাখিব। আজিৰ ৰাজ্যসভাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বক্তব্য ৰখাৰ সম্ভাৱনা আছে। আনহাতে সমগ্ৰ বিষয় সন্দৰ্ভত সন্ধিয়ালৈ সদনত ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।