/asomiyapratidin/media/media_files/2025/07/28/xcxcxcxc-2025-07-28-13-31-19.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাৰে পৰা উত্তপ্ত হৈ পৰিছে উভয় সদন। লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্য্যবিধি আৰম্ভ হোৱাৰ লগে লগে বিৰোধীয়ে হুলস্থুলৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে, যাৰবাবে প্ৰথমাৱস্থাত সদন ১২ বজালৈ স্থগিত ৰখা হয়।
দুপৰীয়া সদনৰ কাম-কাজ পুনৰ আৰম্ভ হোৱাৰ লগে লগে বিৰোধীয়ে পুনৰ হুলস্থুলৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। যাৰবাবে এতিয়ালৈকে লোকসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত আলোচনা আৰম্ভ হোৱা নাই। বিহাৰৰ ভোটাৰ তালিকা SIR লৈ বিৰোধীয়ে সদনত সৃষ্টি কৰিছে এই হুলস্থুলীয়া পৰিস্থিতিৰ।
উল্লেখযোগ্য যে, আজি সদনত অপাৰেচন সিন্দুৰৰ সন্দৰ্ভত আলোচনা হোৱাৰ কথা আছিল। কিন্তু বিৰোধীৰ হুলস্থুলৰ বাবে দ্বিতীয়বাৰৰ বাবে সদনৰ কাৰ্য্যবিধি স্থগিত ৰখা হৈছে। বিৰোধীৰ এই হুলস্থুলৰ বাবেই ৰাজ্যসভাৰ কাৰ্যসূচী দুপৰীয়া ২ বজালৈ স্থগিত ৰখা হৈছে। আনহাতে লোকসভাৰ কাৰ্যসূচীও পুনৰ ২ বজালৈ স্থগিত কৰিছে।
আনহাতে, সদন স্থগিত ৰখা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে সদৰি কৰে যে, " বিৰোধী দলসমূহে অপাৰেচন সিন্দূৰ সন্দৰ্ভত আলোচনা কৰাৰ পূৰ্বে এছ আই আৰৰ বিষয়ে আলোচনা কৰিব বিচাৰে। আলোচনাৰ ১০ মিনিট পূৰ্বে বিৰোধীয়ে নতুন দাবী উত্থাপন কৰিছে। এইটো সঠিক নহয়" বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আনহাতে, "যদি মই কথা ক'বলগীয়া হয় তেন্তে মই ভিতৰত (সদনত) কথা ক'ম" বুলি উল্লেখ কৰে ৰাহুল গান্ধীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us