/asomiyapratidin/media/media_files/2025/07/10/parishmitaa-2025-07-10-21-43-07.jpg)
ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি নগৰৰ ৬ নং ৱাৰ্ডৰ সমীপৱৰ্তী এৰাঢল হেৰামৰ পথাৰত বৃহস্পতিবাৰে পুৱাই এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ধেমাজিত চাঞ্চল্যৰ সৃষ্টি কৰে৷ বুধবাৰে বিয়লি ঘৰৰ পৰা শৰীচৰ্চা কৰিবলৈ বুলি যোৱাৰ পিছৰে পৰাই নিশা পৰ্যন্ত ঘৰলৈ ঘূৰি অহা নাছিল৷
নিশা বহু দেৰিলৈকে ঘৰ আহি নোপোৱাত পিতৃ ধন শৰ্মাই ধেমাজি সদৰ আৰক্ষী থানাত তেওঁৰ জীয়ৰী পৰিস্মীতা দেৱী সন্ধানহীন হোৱাৰ সন্দৰ্ভত অৱগত কৰে। কিন্তু তাৰ পিছত আজি পুৱা ৰহস্যজনকভাৱে যুৱতীগৰাকীৰ মৃতদেহ পথাৰত উদ্ধাৰ হোৱা বিষয়টোৱে চাঞ্চল্য সৃষ্টি কৰিছে।
জানিব পৰা মতে বৃহস্পতিবাৰে পুৱা পথাৰত হাল বাবলৈ যোৱা লোকে বোকাৰে লুতুৰি-পুতুৰি অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থালীত ধেমাজি সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি সেয়া ধেমাজি নগৰৰ পৰিস্মীতা দেৱী বুলি চিনাক্ত কৰে।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত তাৰ পৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈহে প্ৰেৰণ কৰে৷ উল্লেখ্য যে যুৱতীগৰাকীৰ মৃতদেহৰ কাষত পানীৰ বটল আৰু বিষাক্ত দ্ৰব্যৰ পেকেটো উদ্ধাৰ হৈছে৷
যুৱতীগৰাকীয়ে প্ৰকৃততে আত্মহত্যা কৰিছে নে কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ ধেমাজি সদৰ আৰক্ষীয়ে জনোৱামতে মৰোত্তোৰ প্ৰতিবেদন আহি পোৱাৰ পিছতে বিষয়টো স্পষ্ট হ’ব।
ধেমাজি নগৰৰ বাসিন্দা ধন শৰ্মাৰ একমাত্ৰ কন্যা পৰিস্মীতা দেৱীয়ে MBA পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত মেনেজমেণ্ট বিষয়ত পি এইচ ডি কৰি আছিল৷ অতি মৰমীয়াল, শান্ত, মেধাবী ছাত্ৰীগৰাকীৰ এনে অস্বাভাৱিক মৃত্যুৰ খবৰে সমগ্ৰ ধেমাজি নগৰখনতে শোকৰ ছাঁ পৰিছে৷