/asomiyapratidin/media/media_files/2025/01/19/IV2FpC0btmdrzlosT3yH.jpg)
অলিম্পিয়ান মনু ভাকেৰ Photograph: (অলিম্পিয়ান মনু ভাকেৰ)
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত দেশৰ বাবে দুটাকৈ পদক আজুৰি অনা মনু ভাকেৰৰ ঘৰত আছিল কান্দোনৰ ৰোল। এক দুৰ্ঘটনাত খেলুৱৈগৰাকীৰ আইতাক আৰু মোমায়েকৰ মৃত্যুয়ে এতিয়া অমানিশা নমাই আনিছে পৰিয়ালটোলৈ।
প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে পুৱা ভাগত এখন তীব্ৰবেগী বাহনে স্কুটীত আহি থকা মনু ভাকেৰ মোমায়েক আৰু আইতাকক মহতিয়াই লৈ যায়। যাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় দুয়োগৰাকীৰ। আৰক্ষীয়ে সদৰি কৰা অনুসৰি, ভুল দিশত আহি মাৰুতী ব্ৰীজা গাড়ীখনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল স্কুটীখনত।
দৰাচলতে মনু ভাকেৰৰ মোমায়েক এগৰাকী গাড়ী চালক। পুৱা কামলৈ ওলাই যোৱাৰ পথতে এই ঘটনা সংঘটিত হয়। ডাঙৰ পুত্ৰৰ সৈতে সৰু পুত্ৰৰ ঘৰলৈ গৈছিল মাতৃও। আৰক্ষীয়ে ইতিমধ্যে গাড়ীখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।