/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/cf8c333e-7607-4837-a220-1202b319da7e/AMERICA_3.jpg)
AMERICA
ডিজিটেল ডেস্কঃ শিশুসহ ৪ জন ভাৰতীয়ক আমেৰিকাত অপহৰণ কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। জানিব পৰা মতে সোমবাৰে কেলিফৰ্ণিয়াৰ মাৰ্কেড কাউণ্টিৰ পৰা এটি ৮ মহীয়া কন্যা শিশু, শিশুটিৰ পিতৃ-মাতৃৰ লগতে আন এগৰাকী ভাৰতীয় ব্যক্তিক অপহৰণ কৰা হৈছে।
সোমবাৰে মাৰ্কেড কাউণ্টি শ্বেৰিফৰ কাৰ্যালয়ে এক বিবৃতিৰ জৰিয়তে এই ঘটনা সন্দৰ্ভত কয় যে, ৩৬ বছৰীয়া জছদীপ সিং, ২৭ বছৰীয়া জছলীন কৌৰ আৰু তেওঁলোকৰ ৮ মহীয়া কন্যা শিশু আৰোহী ধেৰী আৰু ৩৯ বছৰীয়া আমনদীপ সিঙক লৈ যোৱা হৈছে।
আৰক্ষীয়ে এই ঘটনাক সশস্ত্ৰ আৰু বিপদজনক বুৰি বৰ্ণনা কৰিছে। এই ঘটনাৰ বিষয়ে সবিশেষ প্ৰকাশ হোৱা নাই যদিও প্ৰাথমিক তদন্ত অনুসৰি চাৰিওজনকে দক্ষিণ ঘাইপথ ৫৯ ৰ ৮০০ ব্লকৰ এটা ব্যৱসায়স্থলীৰ পৰা তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে লৈ যোৱা হৈছে।