জামুগুৰিহাটত বাল্য বিবাহ সম্পন্ন কৰা দৰা-কইনাসহ অভিভাৱকক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো আওকান কৰি বাল্যবিবাহ সম্পন্ন কৰিবলৈ যো-জা চলোৱা কিশোৰী কইনা,দৰাসহ অভিভাৱকক গ্ৰেপ্তাৰ কৰে জামুগুৰি আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত বাল্য বিবাহ সম্পন্ন কৰা দৰা-কইনাসহ অভিভাৱকক গ্ৰেপ্তাৰ

জামুগুৰিহাটত বাল্য বিবাহ সম্পন্ন কৰা দৰা-কইনাসহ অভিভাৱকক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, জামুগুৰিহাট : মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো আওকান কৰি বাল্যবিবাহ সম্পন্ন কৰিবলৈ যো-জা চলোৱা কিশোৰী কইনা,দৰাসহ অভিভাৱকক গ্ৰেপ্তাৰ কৰে জামুগুৰি আৰক্ষীয়ে ৷ মঙলবাৰে নিশা জামুগুৰিহাটৰ গটাইমাৰিত গোপনে সম্পন্ন কৰি আছিল এখন বাল্যবিবাহ ৷

Advertisment

 

জামুগুৰি আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি বিবাহ সম্পন্ন কৰা স্থানত উপস্থিত হৈ বিবাহপাশত আবদ্ধ হোৱা দৰা খাইৰুল ইছলাম আৰু কিশোৰী কন্যাসহ দৰা কইনাৰ অভিভাৱকক প্ৰথমে আটক কৰে। তাৰ পাছত বুধবাৰে POSCO আইনৰ অধীনত ৯/১০/১১(১) নম্বৰত গোচৰ ৰুজু কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰে ৷

jamugurihat police