পৰ্বতঝোৰাত আদানি গ্ৰুপক ভূমি প্ৰদানৰ বিৰোধীতাৰে আকৌ ৰাইজৰ উত্তাল প্ৰতিবাদ...

পৰ্বতঝোৰাত আদানি গ্ৰুপক ভূমি প্ৰদানৰ বিৰোধীতাৰে আকৌ ৰাইজৰ উত্তাল প্ৰতিবাদ। শেহতীয়াকৈ পৰ্বতঝোৰাত আদানী গ্ৰুপক তাপ বিদ্যুৎ প্ৰকল্পৰ ভূমি প্ৰদানৰ বিৰোধীতাৰে

author-image
Asomiya Pratidin
New Update
okoko

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ  পৰ্বতঝোৰাত আদানি গ্ৰুপক ভূমি প্ৰদানৰ বিৰোধীতাৰে আকৌ ৰাইজৰ উত্তাল প্ৰতিবাদ। শেহতীয়াকৈ পৰ্বতঝোৰাত আদানী গ্ৰুপক তাপ বিদ্যুৎ প্ৰকল্পৰ ভূমি প্ৰদানৰ বিৰোধীতাৰে পৰ্বতঝোৰাৰ বিভিন্ন ঠাইত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ভূমি পুত্ৰ বড়ো জনগোষ্টীয় লোক সকলোৱে। আজি পুনৰ পৰ্বতঝোৰাৰ পানীজানি  অঞ্চলৰ কেইবাখন গাঁওৰ ৰাইজে নিজৰ ঘৰ বাৰী, খেতি পথাৰ হেৰুৱাৰ সংকাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ যে ৰাজ্যৰ বিভিন্ন জিলাত উচ্ছেদ চলি থকা সময়তে পৰ্বতঝোৰাৰ পানিজানি অঞ্চলত যুগ যুগ ধৰি ভূমিপুত্ৰ খিলঞ্জীয়া বড়ো জনগোষ্টীৰ লোক সকলোৱে খেতি বাৰী কৰি বসবাস কৰি অহা ভূমি সমূহ ৰাইজক অন্ধকাৰত ৰাখি একাংশ দালাল প্ৰকৃতিৰ ব্যক্তিয়ে  বহিৰাগত বনীয়া আদানি গ্ৰুপক ভূমি দিয়াৰ বাবে ইতিমধ্যে কুচকাৱাজ কৰাৰ অভিযোগ উত্থাপন কৰি কেইবাখনো  গাঁওৰ ৰাইজে পানিজানি অঞ্চলত একত্ৰিত হৈ আদানি কোম্পানী গো-বেগ, দালাল সকল হুচীয়াৰ, মাটিক লৈ দালালি নচলিব আদি বিভিন্ন শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলোৰ মতে প্ৰাক্তন বি এল টি কল্যাণ সমিতিৰ যিমান খিনি মাটি আছে চৰকাৰে লৈ লওঁক তাত আমাৰ আপত্তি নাই কিন্তু আমাৰ মাটি এক ইঞ্চিয়   দিয়া নহব বুলি সকীয়নী প্ৰদান কৰে।

গৌতম আদানি