পৰ্বতঝোৰাত জব্দ অবৈধ বালি ভৰ্তি কেবাখনো বাহন...

পৰ্বতঝোৰাত বন বিভাগৰ অভিযানত জব্দ অবৈধ বালি ভৰ্তি কেবাখনো বাহন। পৰ্বতঝোৰা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত খোৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ বন কৰ্মীয়ে

author-image
Asomiya Pratidin
New Update
DUJUJ

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ  পৰ্বতঝোৰাত বন বিভাগৰ অভিযানত জব্দ অবৈধ বালি ভৰ্তি কেবাখনো বাহন। পৰ্বতঝোৰা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত খোৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ বন কৰ্মীয়ে অভিযান চলাই অবৈধ ভাবে বালি ভৰ্তি কৰি সৰবৰাহ কৰি থাকোতে অভিযান চলাই ছয় খনকৈ বাহন জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে দীৰ্ঘ দিনৰ পৰাই পৰ্বতঝোৰা খোৰাঘাট বালি মহল আৰু ধুবুৰীৰ শৌলমাৰী মহলৰ পৰা এটা দুষ্ট চক্ৰই চৰকাৰী কৰ ফাঁকিৰে শিল বালি সৰবৰাহ কৰি থকাৰ সময়তে পৰ্বতঝোৰা বন বিভাগে অভিযান চলাই চাৰিখন ডাম্পাৰ এখন ছয় চকীয়া ট্ৰাক আৰু এখন বলেৰো পিকআপ ভেন জব্দ কৰে। এতিয়া প্ৰশ্ন হয় বন বিভাগে নাটকীয় ভাবে এদিন অভিযান চলাই সামৰিব নেকি দায়িত্ব ? বন বিভাগৰ এই অভিযান পৰৱৰ্তী সময়ত কি ৰূপ লয়,সেয়া হব লক্ষণীয়।

পৰ্বতঝোৰা