/asomiyapratidin/media/media_files/2025/06/15/2a2pCpmzEq3Zop8fI6Qc.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ পৰ্বতঝোৰাৰ বাসবাৰীত উত্তপ্ত পৰিস্থিতি। মাটি জৰীপ কৰিবলৈ অহা সন্দেহত উত্তম মাধ্যম সোধালে স্থানীয় নেতাক। চতুৰ্থ দিনাও শ শ প্ৰতিবাদকাৰীয়ে একত্ৰিত হৈ অৱস্থান কৰি থকাৰ সময়তে দুখন বাহনেৰে স্থানীয় কেইজনমান নেতাই উক্ত তিনি হাজাৰ মাটিৰ পৰিধিৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে প্ৰতিবাদ কাৰীয়ে উত্তপ্ত হৈ পৰে।
একাংশ মহিলা প্ৰতিবাদ কাৰীয়ে বাহনৰ পৰা চোলাত থপিয়াই চোচৰাই নমাই উত্তম মাধ্যম সোধায়। আদানীক মাটি দিয়াৰ বিৰোধীতাৰে আজিও সংঘবদ্ধ প্ৰতিবাদকাৰী । যোৱা বুধবাৰৰ পৰা আদানী গ্ৰুপক ৩০০০ বিঘা মাটি প্ৰদানৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে যদিওঁ আজি ৰাতিপুৱাৰ পৰা প্ৰতিবাদ স্থলীত আৰক্ষী প্ৰশাসন উপস্থিত নোহোৱাত শান্তি পূৰ্ণ ভাৱে অৱস্থান কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে।
কিন্তু ইয়াৰ মাজতে আবেলি ভাগত দুখন বাহনেৰে স্থানীয় নেতাই উক্ত মাটিৰ পৰিধিৰ মাজত প্ৰৱেশ কৰাত এক হুলস্থুলীয় পৰিৱেশৰ সৃষ্টি হয়। পিছত একাংশ স্থানীয় লোকৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ লৈ আহে। স্থানীয় লোকৰ অভিযোগ অনুসৰি উক্ত নেতা কেইগৰাকীয়ে আদানী গ্ৰুপক মাটি দিয়াৰ সপক্ষে দীৰ্ঘদিন ধৰি কাম কৰি আছে।