পৰ্বতঝোৰাত অব্যাহত হাতী-মানুহৰ সংঘাত

মহামায়া সংৰক্ষিত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিলে বন্যহস্তীৰ এটা জাকে। বন্যহস্তীৰ জাকটোৰ পৰা এটা হাতী বিছিন্ন হৈ ৰঙামাটি হিলছ গাঁওহৈ পানবাৰী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰৱেশ কৰাত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়।

author-image
Asomiya Pratidin
New Update
cscscsxc

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ পৰ্বতঝোৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। নিশা মহামায়া সংৰক্ষিত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিলে বন্যহস্তীৰ এটা জাকে। বন্যহস্তীৰ জাকটোৰ পৰা এটা হাতী বিছিন্ন হৈ ৰঙামাটি হিলছ গাঁওহৈ পানবাৰী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰৱেশ কৰাত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। ৰাইজে খেদা-খেদি কৰাত ধুবুৰীৰ বগুলামাৰী চৰত প্ৰৱেশ কৰে হাতীটোৱে।

Advertisment

সম্প্ৰতি, বন্যহস্তীৰ ভয়ত নিশা উজাগৰে পহৰা দিব লগা হৈছে সাধাৰণ জনতাই। অৱশ্য়ে, পৰ্বতঝোৰা বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ বন্যহস্তীটো বনাঞ্চলত উভতাই পঠাবলৈ চেষ্টা কৰে যদিও বিফল হয়। উল্লেখ্য যে, ধুবুৰী বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে।

বন্যহস্তী পৰ্বতঝোৰা