/asomiyapratidin/media/media_files/2025/07/16/1-2025-07-16-18-19-15.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ আগন্তুক বিটিআৰ পৰিষদীয় নিৰ্বাচনত কোকৰাঝাৰ জিলাৰ ১২ টা পৰিষদীয় সমষ্টি ইউপিপিএলে দখল কৰাৰ উদ্দেশ্যেৰে দলটোৱে "মিশ্যন কোকৰাঝাৰ" কাৰ্যসূচী আৰম্ভ কৰিছে।
যোৱা পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলে কোকৰাঝাৰ জিলাৰ মাত্ৰ এটা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল, সেয়ে আগন্তক পৰিষদীয় নিৰ্বাচনত ১২টা সমষ্টিয়ে দখল কৰাৰ উদ্দেশ্যে মিশ্যন কোকৰাঝাৰৰ অংশ হিচাপে আজি ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ কাজিগাঁও সমূহীয়া ভৱনত ১০ টা প্ৰাইমাৰী সমিতিৰ দলীয় কৰ্মীৰ লগত এখন মত বিনিময় সভা অনুষ্ঠিত কৰে।
উক্ত মত বিনিময় সভা খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পূব কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লোৰেন্স ইছলাৰী, গোসাঁইগাঁও সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰীৰ লগতে পাৰিষদ ৰেও ৰেওয়া নাৰ্জাৰী আৰু বহু দলীয় নেতা কৰ্মী।
কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই সাংবাদিক সাক্ষাৎকাৰত ৰাজ্যৰ উচ্ছেদ সম্পৰ্কে কয় যে, উচ্ছেদিত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰি পুনৰ সংস্থাপন কৰিব লাগে আৰু চৰকাৰে নিশ্চয় কৰিব। হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ স্থিতি বাক্সা ওদালগুৰিত শূণ্য,এতিয়া কোকৰাঝাৰতো শূণ্য, হয়তো দুই এটা সমষ্টিত স্থিতি আছে।
আগন্তত নিৰ্বাচনত বিপিএপ দলে সৰ্বাধিক ৭ টা সমষ্টিত জয়ী হব পাৰে কিন্তু ইউপিপিএলে দলে ১৮ পৰা ২২ টা সমষ্টিত জয় হোৱাৰ সমীক্ষা দিয়ে নেতা গৰাকী। ইফালে বিজেপিয়ে কিবা এটা নম্বৰ পাব বুলিও মন্তব্য কৰে।