/asomiyapratidin/media/media_files/2025/07/18/1-2025-07-18-13-57-10.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰা : বিটিআৰৰ শাসকীয় ইউপিপিএল দলে এখনৰ পিছত আনখন সভা অনুষ্ঠিত কৰি তীব্রতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰস্তুতি। পৰ্বতঝোৰা সমষ্টিৰ জালাবিলা ভিচিডিচিৰ অন্তৰ্গত কুটকুটাৰ ভিটাত বিটিচিৰ প্ৰাক্তন উপ কাৰ্য্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ উপস্থিতত বিভিন্ন দলৰ পৰা প্ৰায় ১০০ জন কৰ্মীয়ে আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে।
প্ৰাক্তন উপ মুখ্য কাৰ্য্যবাহী সদস্যগৰাকীয়ে আগন্তক বিটিআৰ নিৰ্বাচনত বিজেপিৰ লগত মিত্ৰতা সম্পৰ্কে মন্তব্য কৰি কয় যে, বিজেপিয়ে ইউপিপিএলৰ লগত নিৰ্বাচন নেখেলে, বেলেগ বেলেগে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। তাৰ মানে এইটো নহয় যে, বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা হৈছে।
তেওঁ আৰু কয়- আগন্তক নিৰ্বাচনত ইউপিপিএলে ইতিমধ্যে চৰকাৰ গঠন কৰিব পৰা নম্বৰত জিকি আছে। ৩০ টা বা ৩৫ টাত জিকিব বুলি মই নকওঁ, কিন্তু ইউপিপিএলক চৰকাৰ গঠন কৰিবলৈ যি নম্বৰ লাগে একক সংখ্যাগৰিষ্ঠলৈ অকলেই পাব বুলি দাবী তোলে প্ৰাক্তন উপ মুখ্য কাৰ্য্যবাহী সদস্যগৰাকীয়ে।
তাৰোপৰি বড়োভূমিৰ আঞ্চলিক দলসমূহক একত্ৰিতহৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বড়ো জাতীয় সংগঠনে আহ্বান কৰা সন্দৰ্ভত নেতাগৰাকীয়ে মন্তব্য কৰি কয় যে, এবছুৱে ইউপিপিএল আৰু বিপিএফক বুজাবুজি আৰু মিলাপ্ৰীতিৰে নিৰ্বাচন খেলিবলৈ কৈছিল, কিন্তু বিপিএফ দলৰ নেতাসকলৰ বাবে সম্ভৱপৰ নহ’ল।
তেওঁ আৰু কয়- বিটিচিবাসীয়ে এইটোকে বিচাৰে শান্তি প্ৰতিষ্ঠা কৰা, সকলো জনগোষ্ঠীৰ ৰাজনৈতিক আৰু সামাজিকভাৱে একত্ৰিত কৰা অঞ্চলসমূহৰ উন্নয়নৰ কাম বড়োভূমিৰ আঞ্চলিক দল দ্বাৰাহে হ’ব। ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ দ্বাৰা নহয়। এইটো বিটিচিবাসী ৰাইজে জানে আৰু সেই কথাটোৱে বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনে নিজ জাতি জনগোষ্ঠীক বুজাই আছে।