পৰ্বতঝোৰাত বন বিভাগৰ অভিযানঃ কাঠৰ কুণ্ডাসহ এখন বাহন জব্দ

এক গোপন খবৰৰ ভিক্তিত খোৰাঘাট বনাঞ্চলিক বিষয়াৰ নেতৃত্বত এটি বন কৰ্মীৰ দলে পানবাৰীত অভিযান চলাই মূল্যবান চেগুন কাঠৰ কুণ্ডাসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল  ডেস্কঃ পৰ্বতঝোৰাৰ বনাঞ্চলৰ পৰা এটা দুষ্টচক্ৰই বনাঞ্চলৰ মূল্যবান চেগুন গছ কাটি সৰবৰাহ কৰি থাকোতে বন কৰ্মীৰ দলে অভিযান চলায়। এক গোপন খবৰৰ ভিক্তিত খোৰাঘাট বনাঞ্চলিক বিষয়াৰ নেতৃত্বত এটি বন কৰ্মীৰ দলে পানবাৰীত অভিযান চলাই মূল্যবান চেগুন কাঠৰ কুণ্ডাসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, বনকৰ্মী অহাৰ উমান পাই বন্যদস্য কেইটাই পলাই পতং দিয়ে যদিও চেগুন কাঠ ভৰ্তি বাহনখন জব্দ কৰি খোৰাঘাট বনাঞ্চলিক কাৰ্যালয়লৈ আনি তদন্ত অব্যাহত ৰাখিছে বন বিভাগে।

পৰ্বতঝোৰা