/asomiyapratidin/media/media_files/2025/06/17/BVzKAeINlqA76Qzh4ZHz.jpg)
শতাধিক সংখ্যালঘূ পুৰুষ-মহিলাই পিন্ধিলে গেৰুৱা বসন
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা কাজিগাঁও সমূহীয়া ভৱনত পৰ্বতঝোৰা মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত হয় বিশাল যোগদান সভা। সভাত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ বনেন্দ্ৰ কুমাৰ মোছাহাৰী লগতে জিলা পৰ্য্যায়ৰ বহু নেতা।
উক্ত অনুষ্ঠানত তিনি শতাধিকৰো অধিক সংখ্যালঘূ পুৰুষ-মহিলাৰ লগতে কংগ্ৰেছ, এআইইউডিএফ, বিপিএফ, ইউপিপিএলৰ পৰা বহু নেতাই বিজেপি দলত যোগাদান কৰে। সভাত ভাষণ প্ৰসংগত বনেন্দ্ৰ কুমাৰ মোছাহাৰীয়ে প্ৰমোদ বড়ো চৰকাৰক একপ্ৰকাৰে উপেক্ষা কৰি কয় যে, "আজি পবৰ্তঝোৰাত যি উন্নয়ন হৈছে সকলো অসম চৰকাৰেহে কৰিছে।"
ইফালে ইউপিপিএল বিপিএফ দুটা দলকে লৈ বিজেপিয়ে কিয় বিটিআৰত চৰকাৰ কৰিব বিছাৰে বুলি প্ৰশ্নৰ উত্তৰত কয় যে, "এতিয়া বিটিআৰত শান্তি আহিছে আমি নিবিচাৰোঁ আকৌ অশান্তি হওঁক। সেয়ে সকলো একেলগে থকাটো বিচাৰো।" হাগ্ৰামা মহিলাৰৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্রসংকলৈ কয়, "সেয়া বাসবাৰীৰ প্ৰতিবাদক লৈহে আলোচনা হৈছে। লগতে এইবাৰ বিটিআৰ বিজেপি দখল কৰিব" বুলি উল্লেখ কৰে নেতাগৰাকীয়ে।