/asomiyapratidin/media/media_files/2025/06/07/Tqxxr4GkdxJz2kCcck6f.jpg)
সৰু কাজিয়াক কেন্দ্ৰ ভয়ংকৰ ঘটনা
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ নিশা পৰ্বতঝোৰাৰ বগৰীবাৰীৰ ছিঙিমাৰীত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা। বগৰীবাৰী থানাৰ অন্তৰ্গত ছিঙিমাৰী গাঁওত এখন সৰু কাজিয়াক কেন্দ্ৰ কৰি ছিঙিমাৰী গাঁওৰ মফিজ উল্লাহ শেখ, জাকিৰ হুছেইনৰ লগত প্ৰায় ২০ জনীয়া এটা দলে লোহাৰৰ ৰড, লাঠী লগতলৈ আহি ৰহিমুল হক নামৰ যুৱক এজনৰ ঘৰত প্ৰৱেশ কৰি ঘৰ দুৱাৰ ভাঙি চুৰ কৰাৰ লগতে যুৱক জনক মাৰপিট কৰে। এই মাৰপিটত যুৱকজন গুৰুত্বৰভাৱে আঘাটপ্ৰাপ্ত হয়।
ঘটনাৰ পাছতে যুৱকজনক ততাতৈয়াকৈ বগৰীবাৰী আদৰ্শ চিকিৎসালয়লৈ যায়। পৰৱৰ্তীসময়ত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ধুবুৰী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে। ইফালে বগৰীবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।