/asomiyapratidin/media/media_files/2025/03/05/ShqmIbhxtNAiZKJgKUlm.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ পৰ্বতঝোৰাত দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰাৰ উদ্দেশ্যেৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী সঞ্চালক কাৰ্য্যালয়ৰ নৱ নিৰ্মিত গৃহৰ শুভ উদ্বোধন। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা কাজীগাঁৱত উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী সঞ্চালক কাৰ্য্যালয়ৰ নৱ নিৰ্মিত গৃহৰ দ্বাৰ মুকলি কৰি শুভ উদ্বোধন কৰে বিটিআৰ পৰিষদীয় চৰকাৰৰ কাৰ্য্যবাহী সদস্য সজল সিংহই ।
পৰ্বতঝোৰাবাসীয়ে দীৰ্ঘদিনীৰ পৰাই বিভিন্ন সমস্যাৰ মাজেৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাম কাজৰ বাবে কোকৰাঝাৰ চহৰলৈ যাবলগীয়া হৈছিল। তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বিটিআৰ পৰিষদীয় চৰকাৰ খনে কাজিগাঁৱত স্থায়ী কাৰ্য্যালয়ৰ গৃহ নিৰ্মাণ কৰাৰ বাবে প্ৰায় ডেৰ কোটি টকা আৱন্টন সাপেক্ষে কাৰ্য্যালয় গৃহ নিৰ্মাণ কৰে।
নৱ নিৰ্মিত কাৰ্যালয়টো শুভ উদ্বোধন কৰি কাৰ্য্যবাহী সদস্য সজল সিংহই মন্তব্য প্ৰকাশ কৰি কয় যে, উদ্যোগ আৰু বাণিজ্য বিভাগৰ লগত ৰাইজৰ মাজত এক বৃহৎ ব্যৱধান দূৰ কৰাৰ লগতে নিবনুৱা যুৱক যুৱতী সকলক উদ্যোগ মুখী কৰাৰ উদ্দেশ্যৰে বিটিআৰৰ প্ৰতিখন মহকুমাতেই কাৰ্য্যালয় স্থাপন কৰা হৈছে।
এই কাৰ্য্যালয়সমূহে নিবনুৱা যুৱক-যুৱতী সকলক স্বনিৰ্ভৰশীল হোৱাত সহায় কৰিব লগতে গ্ৰাম্য ঔদ্যোগিক ক্ষেত্ৰখনত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us