পৰ্বতঝোৰাত অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী

আগন্তক বিটিআৰ নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে দিনে ৰাতিয়ে কাম কৰি থকা সময়তে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলেও তৎপৰতাৰে দলীয় কাম কাজ চলাই যোৱা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
AKHIL

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ আগন্তক বিটিআৰ নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে দিনে ৰাতিয়ে কাম কৰি থকা সময়তে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলেও তৎপৰতাৰে দলীয় কাম কাজ চলাই যোৱা পৰিলক্ষিত হৈছে। শনিবাৰে পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ দেৱীতলাত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ উপস্থিতিত বৃহৎ যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয়।

Advertisment

এই যোগদান সভাত বিধায়ক অখিল গগৈয়ে বিজেপি, কংগ্ৰেছ, UPPL, BPF সকলো দলকে তীব্ৰ সমালোচনা কৰে। বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিধায়ক অখিল গগৈক উজনি অসমৰ নেতা , নামনিত কোনো কাম নাই বুলি কোৱা মন্তব্যৰ প্ৰত্যুত্তৰত বিধায়ক অখিল গগৈ কয় যে, ৰাইজৰ দল বিটিআৰত সোমোৱাৰ লগে লগে UPPL আৰু BPFৰ মূৰ গৰম হোৱাৰ লগতে কঁপনি হৈছে। 

পৰ্বতঝোৰাৰ ভূমিপুত্ৰ বড়ো জনগোষ্ঠী লোক সকলোৰ ভূমি চৰকাৰে আদানী গ্রুপক প্ৰদান কৰা সন্দৰ্ভত অখিল গগৈয়ে মন্তব্য কৰি কয় যে, যিদিনা বড়ো মানুহৰ ভূমিত হাত দিব সিদিনাই বড়ো মানুহক লগতলৈ প্রমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মা বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিম। বড়ো মানুহৰ এক কঠা মাটি যদি আদানীক দিয়ে তেন্তে প্রমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মাক শান্তিত থাকিবলৈ দিয়া নহব।

ইফালে, উচ্ছেদকলৈ উজনি অসমত জাতীয় সংগঠন সমূহে চৰকাৰক সমৰ্থন কৰা বিষয়ে মন্তব্য কৰি কয় যে, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে স্বদেশী কাকো উচ্ছেদ কৰিব নালাগে। যদি প্ৰকল্পৰ ভাবে ভূমি লাগে তেন্তে ৰাইজৰ লগত আলোচনা কৰি বিকল্প সংস্থাপন ব্যৱস্থা কৰি মৰমৰে লব লাগে, এইটো মানুহৰ কাম, দানৱৰ কামটো হিমন্ত বিশ্বৰ শৰ্মাই কৰি আছে। হিমন্ত বিশ্ব শৰ্মা নিজে ঘৰ বনাই পোৱা নাই লোকৰ টকা লুটি লৈ ঘৰ বনাইছে বুলিও মন্তব্য কৰে অখিল গগৈয়ে। 

অখিল গগৈ