স্নানঘাট মন্দিৰত বিশ্ব শান্তিৰ বাবে শক্তি যজ্ঞানুষ্ঠান

বগৰিবাৰী ২৫ হাত কালী মন্দিৰৰ পৰা বাৰেবৰণীয়া ধৰ্মীয় আৰু সাংস্কৃতিক শোভাযাত্ৰা কৰি শ শ ভক্তই ৬ কি:মি: পদব্রজে অতিক্রম কৰি স্নানঘাট মন্দিৰৰ যজ্ঞস্থলিত উপস্থিত হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
wer

ডিজিটেল সংবাদ,ধুবুৰীঃ  বৰ্ণিল সংস্কৃতিক শোভাযাত্ৰাৰে পৰ্বতঝোৰা স্নানঘাট মন্দিৰত আজিৰ পৰা বিশ্ব শান্তিৰ বাবে ৩০ সংখ্যক শক্তি যজ্ঞানুষ্ঠানৰ আৰম্ভণি। প্ৰতি বছৰৰ দৰে এইবেলিও বিশ্ব শান্তিৰ বাবে আজিৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে এই যজ্ঞানুষ্ঠানৰ আয়োজন কৰা হয়। 

এই উপলক্ষে বগৰিবাৰী ২৫ হাত কালী মন্দিৰৰ পৰা বাৰেবৰণীয়া ধৰ্মীয় আৰু সাংস্কৃতিক শোভাযাত্ৰা কৰি শ শ ভক্তই ৬কি:মি: পদব্রজে অতিক্রম কৰি স্নানঘাট মন্দিৰৰ যজ্ঞস্থলিত উপস্থিত হয়। মা মহামায়াই  টিপকাই নদীত স্নান কৰা ঘাটৰ পৰা পানী কলহৰে তুলি আনি যজ্ঞস্থলিত শোধন কৰে।

দুপৰীয়া বিজ্ঞ পুৰোহিতৰ বৈদিক মন্ত্ৰ উচ্চাৰণৰ যোগেদি সূৰ্যৰ ৰশ্মিৰ পৰা অগ্নি আৰোহণ কৰি যজ্ঞ প্ৰজ্জলন কৰি শক্তি যজ্ঞৰ আৰম্ভণি কৰে।

ধুবুৰী