/asomiyapratidin/media/media_files/2025/01/25/wwNbyP4VTm2XPBE2wPcz.jpg)
Paras Defence to invest Rs 12,000 crore in India’s first Optics Park in Maharashtra
ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰত স্থাপন হ’ব দেশৰ প্ৰথমখন অপটিক্স পাৰ্ক। এই পাৰ্কখন স্থাপনৰ ক্ষেত্ৰত আগভাগ লৈছে পাৰস ডিফেন্স কোম্পানীয়ে। সেই অনুসৰি পাৰস ডিফেন্সে বিনিয়োগ কৰি ১২ কোটি টকা। এই কথা সদৰী কৰে পাৰস কৰ্তৃপক্ষই।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে শুকুৰবাৰে অন্ত পৰিছিল বিশ্ব অৰ্থনীতি মঞ্চৰ ডাভোছ বাৰ্ষিক সন্মিলন। এই সন্মিলনত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত বুজাবুজি মৰ্মে পাৰস ডিফেন্সে অপটিক্স পাৰ্ক প্ৰকল্পৰ চুক্তিত স্বাক্ষৰ কৰিছিল। ২০২৮ চনত এই প্ৰকল্পটো আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে পাৰস কোম্পানীয়ে।
এই সন্দৰ্ভত কোম্পানীটোৱে এক বিবৃতিযোগে জনাই যে এই বিনিয়োগৰ জৰিয়তে প্ৰতিৰক্ষা, মহাকাশ, অটোমোটিভ, অৰ্ধপৰিবাহী আৰু অন্যান্য প্ৰয়োগৰ বাবে প্ৰযুক্তিৰ কেন্দ্ৰ সৃষ্টি হ’ব। ইয়াৰ উপৰি পাৰস ডিফেন্সৰ মেক ইন ইণ্ডিয়া পদক্ষেপৰ প্ৰতি দায়বদ্ধতাক পুনৰ দৃঢ় কৰিব বুলি জনায়। লগতে এই প্ৰকল্পটোৱে ২০০০ৰো অধিক প্ৰত্যক্ষ নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি জানিবলৈ দিয়ে কোম্পানীটোৱে।