/asomiyapratidin/media/media_files/2025/02/19/rOPSqUzS3q6acDjUnXiD.jpg)
ডিজিটেল ডেস্কঃ 'পৰাগ কুমাৰ দাস মেম'ৰিয়েল ট্ৰাষ্ট'ৰ চতুৰ্থ বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠান আগন্তুক ২৪ ফেবৰুৱাৰীত অনুষ্ঠিত হ'ব। নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ ওপজা দিনটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই বক্তৃতানুষ্ঠান বিষয় 'মানৱাধিকাৰ আৰু আইনৰ শাসনৰ পৰিৱৰ্তিত ৰূপৰেখা'।
বিশিষ্ট লেখক-চিন্তাবিদ তথা জ্যেষ্ঠ অধিৱক্তা অৰূপ বৰবৰাই কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলত আগবঢ়াৱ এই ব্যক্তৃতা। সেই উপলক্ষে ২৪ ফেব্ৰুৱাৰীৰ দিনৰ ৩ বজাত ছুডমাৰ্চন হলত অনুষ্ঠিত হ'বলগীয়া এই বক্তৃতানুষ্ঠানলৈ সকলোকে আমন্ত্ৰণ জনাইছে পৰাগ কুমাৰ দাস মেম'ৰিয়েল ট্ৰাষ্টে।