/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4b852f69-e499-48df-af03-99b0465f4f33/AP_FOR_WEB_GU___1_.jpg)
ডিজিটেল সংবাদ, জালুকবাৰীঃ ‘কেৱল কাৰ্যালয়ৰ কোঠাত বহি কোনো এটা ঘটনাৰ ওপৰত লিখি দিলেই সাংবাদিকতা নহয়। গণমুখী সাংবাদিকতাৰ প্ৰকৃত অৰ্থ উপলদ্ধি কৰি আৰু মানুহৰ সমস্যাবোৰ অন্তঃকৰণেৰে বুজি তাক সমাধানৰ নিমিত্তে নিৰন্তৰে নিস্বাৰ্থভাৱে কৰা কামতেই প্ৰকাশ পায় প্ৰকৃত সাংবাদিকতা। পৰাগ কুমাৰ দাসে তেনেকৈয়ে সাংবাদিকতা কৰিছিল, যাৰ বাবে সময় বাগৰাৰ লগে লগে তেওঁৰ কথা আৰু কামৰ প্ৰাসংগিকতা বৃদ্ধি পাই গৈয়ে আছে।‘ শ্বহীদ পৰাগ কুমাৰ দাসৰ মৃত্যুতিথিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে আয়োজন কৰা ‘পৰাগ স্মৰণ’ শীৰ্ষক এন অনুষ্ঠানত এইদৰে কয় বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/36887a2b-f70c-4db3-8a89-2462020b9cce/2f6bc996-5501-4b08-b4bd-8bf69181651b.jpg)
স্বেচ্ছাসেৱী সংগঠন ‘দ্য থিংক টেংক’ ৰ সহযোগত গণসংযোগ বিভাগে আয়োজন কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিভাগটোৰ প্ৰায় সকলো শিক্ষাৰ্থীয়ে অংশ লয়। নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি আৰম্ভ হোৱা এই অনুষ্ঠানটিত মুখ্য বক্তা হিচাপে উপস্থিত আছিল বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত। বিশিষ্ট সাংবাদিকগৰাকীয়ে বক্তৃত্বাৰ আৰম্ভণিতে পৰাগ কুমাৰ দাসৰ ব্যক্তিত্বৰ সন্দৰ্ভত অধিক স্পষ্ট হবলৈ শিক্ষাৰ্থীসকলৰ আগত ‘Till We Meet Again PARAG’ নামৰ তথ্যচিত্ৰখনিৰ প্ৰদৰ্শনৰ দিহা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/30e6565b-1847-4689-90b4-d37c6943f355/13087cb4-3253-425d-a100-ce35806f6752.jpg)
নিজৰ বক্তৃতাত পৰাগ কুমাৰ দাসৰ সাংবাদিকতাৰ স্বৰ্ণিল ইতিহাসৰ বৰ্ণনাৰ জড়িয়তে তেখেতৰ সাংবাদিকতাৰ এক বিশ্লেষণ আগবঢ়ায় সাংবাদিক মহন্তই। তেখেতে পৰাগ কুমাৰ দাসৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰি বৰ্তমান সময়ত সংবাদ সেৱাৰ বাণিজ্যিকিকৰণৰ লগতে সংবাদিকতা প্ৰকৃতাৰ্থত সেৱা নে বৃত্তি, তাক লৈ সৃষ্টি হোৱা শংকাৰ সন্দৰ্ভতো পুংখানুপুংখ বিশ্লেষণ আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/fcca9b39-6fb4-4906-90f4-4efbcee699d5/da60538b-f3df-4882-a191-b83915e0587a.jpg)
এই বিশেষ অনুষ্ঠানটিত উপস্থিত থাকি বিশিষ্ট সাংবাদিকগৰাকীয়ে এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়- গুৱাহাটী বিশ্ববিদ্যালয়ত এনেদৰে পৰাগ কুমাৰ দাসৰ স্মৰণত এনে অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে এই বিভাগ আৰু ‘দ্য থিংক টেংক’ৰ ঋত্বিক শইকীয়া ধন্যবাদৰ পাত্ৰ। নৱ প্ৰজন্ম মাজত পৰাগ কুমাৰ দাসৰ কৰ্মৰাজি আৰু চিন্তাধাৰা এনেদৰেই প্ৰৱাহিত হৈ যাব। পৰাগ দাসে একে সময়তে ভাৰতৰ অৰ্থনীতি, অসমৰ গ্ৰামাঞ্চলৰ অৰ্থনীতিৰ পৰা আদি কৰি বাজেটৰ ধনাত্মক-ঋণাত্মক দিশবোৰ যেনেদৰে পুংখানুপুংখ বাখ্যা দিছিল ঠিক তেনেদৰেই ক্ৰীড়াৰ বিভিন্ন দিশৰ সন্দৰ্ভতো সঠিক আৰু সুক্ষ্ম বিশ্লেষণ কৰিব পাৰিছিল। মুঠৰ ওপৰত তেওঁ সৰ্বতো দিশতে জ্ঞান আছিল অপৰিসীম। উল্লেখ কৰা প্ৰয়োজন যে, গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে নিৰ্ভীক সাংবাদিকগৰাকীৰ মৃত্যুতিথিত এনেদৰে বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c8b61427-ccfe-4816-8282-02ea3db7de30/6d7fa008-fe6c-4f74-8ad9-38e5de0a7e4f.jpg)
পৰাগ কুমাৰ দাসৰ স্বনিৰ্ভৰশীল, স্বঅধিকাৰ নীতিৰ সন্দৰ্ভত বাখ্যা আগবঢ়াই সংবাদিক মহন্তই কয়- পৰাগ কুমাৰ দাসৰ স্বনিৰ্ভৰশীল আৰু স্বঅধিকাৰ বিষয়টোক সেই সময়ত ৰাষ্ট্ৰসংঘইও সমৰ্থন কৰিছিল। সেইসময়ত শাসকীয় পক্ষই পৰাগ দাসৰ এনে স্থিতিৰ বিৰোধিতা কৰিছিল যদিও পাছলৈ তেওঁৰ এনে নীতি অনুসৰণ কৰিয়েই নিৰ্বাচনী আয়োগে নটাৰ দৰে এটা অপশ্যন অন্তভূৰ্ক্ত কৰিবলৈ বাধ্য হৈছিল। স্বাভিমানসহ এটা জাতি জীয়াই থাকিবলৈ যিখিনি অধিকাৰৰ প্ৰয়োজন সেইখিনি অধিকাৰৰ ৰাষ্ট্ৰযন্ত্ৰৰ পৰা বিচাৰিছিল পৰাগ কুমাৰ দাসে। ‘
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/77bfcaca-dc0a-454b-abce-5b31cf376dcd/30395771-d083-4c9d-9549-3dd07cb2938a.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, এই বিশেষ অনুষ্ঠানটিত বিশিষ্ট সাংবাদিক তথা অতিথি প্ৰৱক্তা ড০ ৰমন বৰাইও পৰাগ কুমাৰ দাসৰ অসমৰ অৰ্থনৈতিক ব্যৱস্থাক লৈ কৰাৰ চিন্তা-চৰ্চাৰ সন্দৰ্ভত গৱেষণাৰ উৎস আছে বুলি কয়। তেওঁ লগতে কয়- পৰাগ কুমাৰ দাসে যিদৰে সত্যনিষ্ঠ সাংবাদিকতা কৰিছিল, তাৰ পৰা আজিৰ প্ৰজন্মই শিকিবলগীয়া বহুখিনি আছে। এটা খবৰক কেনেদৰে উপস্থাপন কৰিলে সমাজৰ হিত সাধন হয় সেই সন্দৰ্ভতো পৰাগ কুমাৰ দাসে দৃষ্টান্ত দাঙি থৈ গৈছে। ‘
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/09fce26e-c4f6-483c-bdfd-74326de780b2/0020ae41-976b-4bfb-9eb3-523f07119fec.jpg)
এই বিশেষ অনুষ্ঠানটিতে বিভাগৰ দ্বাৰা প্ৰকাশিত বাতৰি কাকত ‘GU Times’ও উন্মোচন কৰা হয়। বিভাগীয় ছাত্ৰ-ছাত্ৰী সকলে একক প্ৰচেষ্টাৰে কাকতখন প্ৰকাশ কৰি উলিওৱা কাৰ্যক ভূয়সী প্ৰশংসা কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই।