/asomiyapratidin/media/media_files/2025/05/17/6PhxtTEuUUoIE4tkNt25.jpg)
ডিজিটেল সংবাদ,বিহপুৰীয়া : জাতীয় শ্বহীদ,নিৰ্ভীক-নিৰপেক্ষ সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি ৩০ সংখ্যক মৃত্যু দিৱস। ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ নাৰায়ণপুৰ প্ৰেছ ক্লাৱতো সাহসী সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱস উদযাপন কৰা হয়।
নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ কাৰ্যালয় 'পৰাগ কুমাৰ দাস স্মৃতি ভৱন'ত অনুষ্ঠিত কৰা অনুষ্ঠানটিৰ আৰম্ভনিতে নিৰ্ভীক-নিৰপেক্ষ সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসমীয়া প্ৰতিদিন ডিজিটেল আৰু প্ৰতিদিন টাইমৰ সাংবাদিক তথা বিহপুৰীয়া প্ৰেছ ক্লাৱৰ সম্পাদক জগত বৰাই।
পূষ্পাঞ্জলি অৰ্পণ কৰে মাধৱদেৱ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ঋতুৰাজ পাটিৰে। ইয়াৰ পিছতে জ্যেষ্ঠ সাংবাদিক কুমুদ শইকীয়াৰ সঞ্চালনাত "সাম্প্ৰতিক সময়ত নৱপ্ৰজন্মৰ মাজত জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসৰ চিন্তাৰ প্ৰাসংগিকতা" শীৰ্ষক বিষয়ৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।
নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক দিপান্ত কাকতি আৰু সম্পাদক প্ৰদিপ বৰাই আঁতধৰা অনুষ্ঠানটিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ লগতে নাৰায়ণপুৰ অঞ্চলৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু সাংবাদিক সকলে অংশগ্ৰহণ কৰে।