নিৰ্ভীক সাংবাদিক, মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ মৃত্যু দিৱস

চাকৰি এৰি পৰাগ কুমাৰ দাসে ১৯৯৫চনত যোগ দিছিল 'অসমীয়া প্ৰতিদিন' কাকতত। তেওঁ কাকতখনৰ কাৰ্যবাহী সম্পাদক আছিল। অসমত তেওঁ সেই সময়ত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল।

author-image
Asomiya Pratidin
New Update
পৰাগ কুমাৰ দাসৰ আজি মৃত্যু দিৱস

পৰাগ কুমাৰ দাসৰ আজি মৃত্যু দিৱস

ডিজিটেল ডেস্কঃ নিৰ্ভীক সাংবাদিক, মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ আজি মৃত্যু দিৱস। অসমৰ সাংবাদিকতাৰ ইতিহাসৰ অন্যতম নক্ষত্ৰগৰাকীক ১৯৯৬ চনৰ ১৭ মে’ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডই কঁপাই তুলিছিল সমগ্ৰ অসম। চাৰিওফালে সাব্যস্ত হৈছিল তীব্ৰ প্ৰতিবাদ।

১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত জন্ম হৈছিল অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক, সাংবাদিক, মানৱ অধিকাৰ কৰ্মীগৰাকীৰ। আশীৰ দশকত অসমীয়া আলোচনী 'প্ৰান্তিক' আৰু 'দ্যা ছেন্টিনেল' ইংৰাজী কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে পৰাগ কুমাৰ দাসে সাংবাদিক জীৱন আৰম্ভ কৰিছিল। তেওঁ ১৯৯৪ চনৰ পৰা 'আগান' আলোচনীৰ প্ৰকাশক আৰু সম্পাদক আছিল। জাতীয় জীৱনৰ বহু কথা আগানৰ জৰিয়তে পৰাগ দাসে দাঙি ধৰিছিল। 'আগান' আছিল সেই সময়চোৱাত চৰকাৰৰ বিপক্ষে জনসাধাৰণৰ মত প্ৰকাশ কৰা এখন বলিষ্ঠ বাৰ্তালোচনী। আগান কেতিয়া আহিব বুলি দোকানত পাঠক ৰৈ আছিল।

আনহাতে, চাকৰিৰ ধনেৰে তেওঁ প্ৰকাশ কৰিছিল 'বুধবাৰ' নামৰ কাকতখন। এই সাপ্তাহিক কাকতখনে সেই সময়ত ৰাজ্যত তুমুল আলোড়নৰ সৃষ্টি কৰিছিল। সোঁতৰ বিপৰীতে গৈ ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে তেওঁ মুকলিকৈ লিখিছিল বহু কথা। ভয় শব্দ পৰাগ কুমাৰ দাসৰ অভিধানতেই নাছিল। পৰাগ দাসে ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে কলম তুলি লোৱাৰ বাবেই তেওঁক দুবাৰকৈ গ্ৰেপ্তাৰ কৰিছিল। ১৯৯২ আৰু ১৯৯৩ চনত ৰাষ্ট্ৰ নিৰাপত্তা আইন আৰু টাডা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক। কিন্তু ৰাষ্ট্ৰযন্ত্ৰই ৰঙাচকু দেখুৱালেও সেই চকুলৈ তেওঁ ভয় কৰা নাছিল। লিখি গৈছিল ইখনৰ পাছত সিখন গ্ৰন্থ। যি গ্ৰন্থৰ আদৰ এতিয়াও কমা নাই। স্বাধীনতাৰ প্ৰস্তাৱ নামৰ পৰাগ দাসৰ গ্ৰন্থখন চৰকাৰে নিষিদ্ধ কৰাৰ লগতে এই গ্ৰন্থৰ কপী সমূহ জব্দ কৰিছিল।

তেতিয়া আলফা আৰু আন বিদ্ৰোহী সংগঠনৰ দমনৰ নামত উত্তৰ-পূবত চলিছিল সেনাৰ সন্ত্ৰাস। সাধাৰণ লোকৰ অধিকাৰ খৰ্ব হৈছিল সেই সময়ত। তেতিয়াই পৰাগ দাসে ইয়াৰ বিৰুদ্ধে মাত মাতিছিল। ১৯৯১চনৰ পৰাই মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সৈতে জড়িত হৈ পৰিছিল পৰাগ কুমাৰ দাস।

চাকৰি এৰি পৰাগ কুমাৰ দাসে ১৯৯৫চনত যোগ দিছিল 'অসমীয়া প্ৰতিদিন' কাকতত। তেওঁ এই কাকতখনৰ কাৰ্যবাহী সম্পাদক আছিল। অসমত তেওঁ সেই সময়ত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। পৰাগ দাসৰ শক্তিশালী কণ্ঠ আৰু কাৰো ওচৰত আঁঠু নকঢ়াৰ মানসিকতাৰ বাবেই সৰ্বসাধাৰণ মাজত তেওঁৰ জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি পাইছিল। কিন্তু তাৰ বিপৰীতে শাসক গোষ্ঠীৰ বাবে পৰাগ কুমাৰ দাস হৈ পৰিছিল এক প্ৰত্যাহ্বান। যাৰবাবে ১৯৯৬ চনৰ ১৭ মে'ত সন্তানক বিদ্যালয়ৰ পৰা ঘৰলৈ লৈ যাওঁতেই ৰাজগড়ৰ লিংকৰোডত অচিনাক্ত দুৰ্বৃত্তই পৰাগ দাসক গুলীয়াই হত্যা কৰিলে। দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুৱালেও আজিও ৰৈ গ'ল নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আদৰ্শ। 

পৰাগ কুমাৰ দাস