/asomiyapratidin/media/media_files/2025/05/14/qbCy8FIUiKfSralqya8J.jpg)
উদয়াদিত্য ভৰালীলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা
ডিজিটেল ডেস্কঃ বিশিষ্ট চিন্তাবিদ, লেখক, ইতিহাসবিদ, অধ্যাপক উদয়াদিত্য ভৰালীলৈ আগবঢ়োৱা হৈছে এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ৷ পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই এক বিবৃতিত জৰিয়তে সদৰী কৰে এই কথা। ১৮ মে’ দেওবাৰে দিনৰ ১১:৩০ বজাত প্ৰদান কৰা হ’ব বঁটাটি৷
কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ উদয়াদিত্য ভৰালীয়ে দীৰ্ঘদিন ধৰি অসমৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতত নিয়মীয়াকৈ লেখা মেলা কৰি আহিছে ৷ অসমীয়া প্ৰতিদিনৰ আৰম্ভণিতে “পৃষ্ঠভূমিৰ চিনাকি” শিৰোনামাৰে বিভিন্ন দেশৰ বিষয়ে লিখি আলোড়নৰ সৃষ্টি কৰিছিল। তাৰ পৰৱৰ্তী কালত অসমীয়া প্ৰতিদিনতে “প্ৰাসংগিক পাণ্ডুলিপি ” শিৰোনামাৰে জাতীয় জীৱনৰ বহু গুৰুত্বপূৰ্ণ বিষয় যুক্তিনিষ্ঠ বিশ্লেষণেৰে চিন্তাৰ নতুন বাট মোকলাইছিল ৷
এগৰাকী সফল গল্পকাৰ হিচাপেও অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে অধ্যাপক গৰাকীয়ে ৷ এগৰাকী ক্ৰীড়া সংগঠক, ক্ৰীড়া বিষয়ক ব্যতিক্ৰমী লেখক হিচাপেও সুকীয়া পৰিচয় দাঙি ধৰিছে উদয়াদিত্য ভৰালীয়ে ৷ বিশেষকৈ ইতিহাস চৰ্চাৰ ক্ষেত্ৰত ভৰালীয়ে অসমত এক নতুন দিশৰ সন্ধান দিছে ৷
উল্লেখযোগ্য যে, পৰাগ কুমাৰ দাসৰ মৃত্যুৰ পিছত তেওঁৰ স্মৃতিত বিগত ২৫ বছৰ ধৰি আয়োজন কৰা তৰ্ক প্ৰতিযোগিতাৰ ভৰালী আছিল এগৰাকী অন্যতম গুৰি ধৰোঁতা ৷ পৰাগ কুমাৰ দাস সম্পাদিত “বুধবাৰ ” আৰু “আগান”টো নিয়মীয়াকৈ প্ৰবন্ধ লিখি জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়াইছিল ভৰালীয়ে ৷ পৰাগ কুমাৰ দাস সাংবাদিকতা সন্মান ২০২৪ বৰ্ষত বিশিষ্ট বুদ্ধিজীৱি ডঃ হীৰেণ গোঁসাইলৈ আগবঢ়োৱা হৈছিল ৷ এইবাৰ ডঃ হীৰেণ গোহাঁইৰ দ্বাৰা বিশিষ্ট চিন্তাবিদ, লেখক উদয়াদিত্য ভৰালীক তেখেতৰ বাসগৃহত ১৮ মে’ দেওবাৰে পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হ’ব ৷ স্বাস্থ্যজনিত কাৰণত ১৭ মে’ত পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱসত প্ৰদান কৰিব লগীয়া বঁটাটো ১৮ মে’ দেওবাৰে দিনৰ ১১:৩০ বজাত প্ৰদান কৰা হ’ব ৷