/asomiyapratidin/media/media_files/2025/02/24/PVwklp4xIykGatXC7meN.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ "সত্যক সত্য বুলি ক'ব পৰাটোৱেই সাংবাদিকতা। বালিত মূৰ গুজি থকাবোৰক সাংবাদিক বুলি নকয়, এইষাৰ কথাকে বিশ্বাস কৰি কাম কৰিছিল পৰাগ কুমাৰ দাসে"- এই মন্তব্য বিশিষ্ট লেখক-চিন্তাবিদ তথা জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাৰ।
পৰাগ কুমাৰ দাস মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত নিৰ্ভীক সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ দাসৰ ওপজা দিনৰ লগত সংগতি ৰাখি সোমবাৰে চতুৰ্থ বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/media_files/2025/02/24/7x6BeUuFd20oocOSNYLQ.jpg)
কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত আয়োজন কৰা এই অনুষ্ঠানত 'মানৱাধিকাৰ আৰু আইনৰ শাসনৰ পৰিৱৰ্তিত ৰূপৰেখা' বিষয়ত বক্তৃতা প্ৰদান কৰে জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই।
যিহেতু বক্তৃতাৰ বিষয়বস্তুৱে মানৱ অধিকাৰ আৰু আইনৰ শাসনৰ গুৰুত্বপূৰ্ণ ধাৰণাক সামৰি লৈছে, গতিকে দুয়োটা বিষয় সন্দৰ্ভত অৰ্থ, দৃষ্টিভংগী আৰু পৰিসৰৰ ওপৰত বহু তথ্যভিত্তিক মন্তব্য প্ৰদান কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে।
/asomiyapratidin/media/media_files/2025/02/24/FwnfpQOzcUWEt3Vml6jz.jpg)
আধুনিক যুগত এই ধাৰণা দুটাৰ বিকাশ সন্দৰ্ভত চমু আখ্যান দাঙি ধৰা উপৰিও কেনেকৈ, কাৰ দ্বাৰা আৰু কি ধৰণে আইন উলংঘা কৰা হৈছে সেই বিষয়েও আলোচনা কৰে। তেওঁ কয় যে, "মধ্যযুগীয় জগতখনত মানৱ অধিকাৰৰ কোনো আনুষ্ঠানিক ধাৰণা নাছিল। বহুতো ৰজা আৰু সম্ৰাটে স্বেচ্ছাচাৰীতাৰে বিশ্বৰ বিভিন্ন অঞ্চলত শাসন কৰিছিল।
/asomiyapratidin/media/media_files/2025/02/24/QL7gsnD3r4UZNPPvxs5Y.jpg)
সংশ্লিষ্ট জনসাধাৰণক শক্তিশালী শাসকসকলৰ দ্বাৰা বশ কৰাটো কাৰ্যতঃ সকলোতে ব্যাপক আছিল। এই কথা জনসাধাৰণে বেছিভাগেই সন্মতি দিছিল। যিকোনো ধৰণৰ বশৱৰ্তী হোৱাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা যিকোনো ব্যক্তিক মূলতঃ বিশ্বাসঘাতক বুলি ধৰা হৈছিল আৰু হয় কাৰাগাৰত ভৰাইছিল নহয় শাসকসকলে হত্যা কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত হে সমগ্ৰ বিশ্ব আৰু জাতি-জনগোষ্ঠীতে ‘মানৱ অধিকাৰ’ আইনখন প্ৰযোজ্য হৈছিল।
/asomiyapratidin/media/media_files/2025/02/24/DpqkJhm16SD9jEgDWQAW.jpg)
ইয়াৰোপৰি তেওঁ কয়,আইন নামানিলে সমাজত অৰাজকতাই বিৰাজ কৰে। ভাৰত বৃহৎ গণতন্ত্ৰ বুলি মই বিশ্বাস নকৰো। কেৱল সংখ্যাগত দিশৰ পৰাই হ'লেই নহ'ব, গুণগত দিশতো হ'ব লাগিব। ইয়াৰ মাজতে তেওঁ মণিপুৰৰ লগতে ইডি,চিবিআইৰ প্ৰসংগও উল্লেখ কৰে।
লগতে কয় যে,অসমতো বৰ্তমান অৰাজকতাই বিৰাজ কৰিছে। অসমখন ঘাতকৰ ৰাজ্যত পৰিণত হৈছে।আলফাৰ নামত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা ১ শতাংশকো অপৰাধী প্ৰমাণ কৰিব নোৱাৰিলে। ফেক এনকাউন্টাৰ, বুলডজাৰ প্ৰসংগও উল্লেখ কৰে অৰূপ বৰবৰাই।
/asomiyapratidin/media/media_files/2025/02/24/3hkswZ1dCPShX6w5cvO9.jpg)
আজি বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা বক্তৃতা অনুষ্ঠানৰ আঁতধৰে ট্ৰাষ্টৰ সম্পাদক ময়ূৰ বৰাই ৷ উক্ত অনুষ্ঠানটোত ট্ৰাষ্টৰ সভাপতি ড৹ অপূৰ্ব কুমাৰ বৰুৱা, বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক ড. অমৰজ্যোতি চৌধুৰী, শিল্পী পুলক বেনাৰ্জী, মনিষা হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
/asomiyapratidin/media/media_files/2025/02/24/GEPShvTs0YLnGyq4JRTw.jpg)
উল্লেখ্য যে, বিশিষ্ট মানৱ অধিকাৰ কৰ্মী তথা অসমীয়া প্ৰতিদিনৰ প্ৰতিষ্ঠাপক কাৰ্যবাহী সম্পাদক প্ৰয়াত পৰাগ কুমাৰ দাসৰ আজি ৬৪ সংখ্যক জন্মদিন। পৰাগ কুমাৰ দাস অসমৰ সাংবাদিকতাৰ ইতিহাসৰ এক নক্ষত্ৰ ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us