/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/2e95de6f-b96d-49fa-8570-2a4b29fa0155/gmch.jpg)
GMCH
ডিজিটেল ডেস্কঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী টেকনিচিয়ানে আত্মহত্যাৰ ঘটনা সংঘটিত কৰাক লৈ তীব্য চাঞ্চল্য অব্যাহত আছে। বৃহস্পতিবাৰে জি এম চি এইছৰ চি এন চেণ্টাৰৰ কৰ্মচাৰী পাপু দাসে আত্মহত্যা কৰাৰ পিছতে এই ঘটনাৰ আঁৰত চিকিৎসালয়খনৰ জ্যেষ্ঠ কৰ্মচাৰী বুলি চৰ্চা চলিছিল।
এনে চৰ্চাৰ মাজতে সমগ্ৰ ঘটনা সন্দৰ্ভত চি এন চেণ্টাৰৰ সঞ্চালক বসন্ত কুমাৰ বৈশ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সঞ্চালক বসন্ত কুমাৰ বৈশ্যই জ্যেষ্ঠ বিষয়াৰে পাপু দাসৰ মতানৈক্যৰ কথা অস্বীকাৰ কৰিছে।
তেওঁ কয়, ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকেও কোনো অভিযোগ উত্থাপন কৰা নাই। এই পৰ্যন্ত চি এন চেণ্টাৰৰ ফালৰ পৰাও কোনো এজাহাৰ দাখিল কৰা হোৱা নাই। যোৱা ১৯ আগষ্টত কৰ্মত যোগদান কৰা পাপু দাসে কিয় আত্মহত্যা কৰিলে সেই ঘটনা এতিয়াও স্পষ্ট হোৱা নাই।
অৱশ্যে সঞ্চালক বসন্ত কুমাৰ বৈশ্যই এই ঘটনাৰ বিভাগীয় তদন্তৰ আশ্বাস প্ৰদান কৰিছে। তদন্ত সঠিক দিশত আগবাঢ়িলেহে প্ৰকৃত কাৰণ জানিব পৰা যাব।