Advertisment

শিশু দিৱসত পাপনৰ কণ্ঠত সাংবাদিক মানসী বায়নৰ ৰচনাৰে এটি বিশেষ গীত মুকলি

জাৰ জহ নাই/ নাই দিন ৰাতি/ দোকমোকালিতে সন্ধ্যাৰ ৰাগিনী... – এয়া কেৱল গীতৰ কথা নহয়। এয়া শৈশৱতে জীৱনৰ ৰং হেৰুওৱা এজাক শিশুৰ মৰ্মবেদনাৰে ভৰা কাহিনী।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
গীত মুকলি

ডিজিটেল ডেস্ক : জাৰ জহ নাই/ নাই দিন ৰাতি/ দোকমোকালিতে সন্ধ্যাৰ ৰাগিনী... – এয়া কেৱল গীতৰ কথা নহয়। এয়া শৈশৱতে জীৱনৰ ৰং হেৰুওৱা এজাক শিশুৰ মৰ্মবেদনাৰে ভৰা কাহিনী। সেই কাহিনী উপলব্ধি কৰিব পাৰিছিল মানসী বায়নে। যাৰ বাবে তেওঁৰ কলমেৰে নিগৰিছিল এনে এজাক শিশুৰ জীৱন গাঁথা।

Advertisment

গীতিকাৰ মানসী বায়নে লিখা এই গীতত কণ্ঠ নিগৰাইছে অংগৰাগ পাপন মহন্তই। শিশুৰ বাবে লিখা সেই গীতটো শিশু দিৱসৰ দিনাই মুক্তি দিয়া হয় শ্ৰোতা- দৰ্শকৰ বাবে। অতি অৰ্থৱহ এই গীতৰ মাজত আছে পুৱাৰ সোণালী- আবেলিৰ হেঙুলী বেলিৰ পাৰ্থক্য নুবুজা এচাম শিশুৰ কথা ! পেটৰ পোৰণিত ঘুমতি ভঙা এই শিশুসকলক প্ৰয়োজন কাৰোবাৰ এধানি মৰমৰ... সেই মৰমকণ দিবলৈকে যেন আগবাঢ়ি আহিছে এই গানটোৰ সৈতে জড়িত প্রতিজন ব্যক্তি। 

ৰূঢ় বাস্তৱৰ সৈতে যুঁজ দিও জীৱনৰ জয়গান গোৱা এইসকল শিশুৰ জীৱন ছবি শব্দ চয়নেৰে আঁকিছে অসমীয়া প্রতিদিন কাকতৰ জ্যেষ্ঠ সহকাৰী সম্পাদক, গীতিকাৰ মানসী বায়নে। গীতটোত কণ্ঠ দি জীৱন্ত কৰি তুলিছে পাপনৰ অনুপম গায়কীয়ে। শিশুসকলৰ মনোজগতত একাত্ম হৈ পাপনে প্রাণঢালি গোৱা এই গীতে অন্তৰ চুই যাব প্ৰতিজন অনুভৱী শ্ৰোতাৰ। 

এই গীতটি মিঠা এটি সুৰ আৰু সংগীতেৰে সজাইছে অসমৰ এগৰাকী প্রতিষ্ঠিত কণ্ঠশিল্পী তথা সংগীত সংৰচক সৌৰভ মহন্তই। গীতটোৰ ইংৰাজী ভাবানুবাদ বিশিষ্ট কবি বিপুলজ্যোতি শইকীয়াৰ। শব্দ সংমিশ্রণ দিগন্ত বৰদলৈৰ।

উল্লেখযোগ্য যে মুম্বাইত সুপ্রতিষ্ঠিত অসম সন্তান পৰাশৰ বৰুৱাৰ সুদক্ষ পৰিচালনাৰে গীতটিৰ এটি সুন্দৰ ভিডিঅ’ নির্মাণ কৰা হৈছে। দৃশ্যগ্রহণকাৰী চন্দ্ৰ কুমাৰ আৰু সহযোগী দৃশ্যগ্রহণকাৰী মণিকণ্ডন চিংগাৰাৱেলে কেমেৰাত আৱদ্ধ কৰা আকর্ষণীয় দৃশ্যাংশ। চায়ন মলৰ নিখুত সম্পাদনাই গীতটিক অনন্য মাত্ৰা প্ৰদান কৰিছে। ভিডিঅ’টোৰ পোষ্টাৰ ডিজাইন দীপজ্যোতি সন্দিকৈৰ।

release of the song

১৪ নবেম্বৰ বৃহস্পতিবাৰে অসমীয়া প্রতিদিন কাকতৰ কাৰ্যালয়ত "জাৰ জহ নাই" শীর্ষক এই ভিডিঅ'টো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা আৰু জনপ্ৰিয় মাহেকীয়া আলোচনী নন্দিনীৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক- লেখিকা মাইনী মহন্তই এই গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰে। এই অনুষ্ঠানত উপস্থিত থাকে সাতসৰীৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্য আৰু জনপ্ৰিয় গল্পকাৰ অপু ভৰদ্বাজ, কবি- সাংবাদিক লাচিত বৰ্মন, জ্যেষ্ঠ সাংবাদিক উৎপল দাস, গণেশ গগৈ, স্বপ্না বেজবৰুৱাকে ধৰি ভালেকেইগৰাকীক বিশিষ্ট ব্যক্তি।

গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰি গৌতম শৰ্মাই কয়- এই গীতটিত যথেষ্ট পৰীক্ষা- নিৰীক্ষা কৰা হৈছে। গজলৰ অনুভৱ পোৱা যায় গীতটি শুনিলে। এই গীতটি শিশুকলৈ শিশুৱে গোৱা গান নহয়। শিশুৰ বিষয়ে বেলেগে গোৱা গান। এই গানটোত কাৰিকৰী পৰীক্ষণ ভালেখিনি থকা বুলি মন্তব্য কৰে গৌতম শৰ্মাই।

senior journalist gautam sharma

লগতে তেওঁ এটি গীতৰ মূল ভেটি নিৰ্মাণত শব্দৰ ব্যৱহাৰৰ কথা উল্লেখ কৰি কয় যে এই গীতটোত শব্দৰ খেল আছে। গীতটিৰ বিষয়ে তেওঁ মন্তব্য কৰি কয়- এই গীতটি আচলতে শিশু অধিকাৰৰ গীত বুলি কোৱাতকৈ শিশু মুক্তিৰ গীত বুলি তেঁও অনুভৱ কৰে। তেওঁ এক সাৰুৱা ভাষণ প্ৰদান কৰি ভাষণৰ মাজতে অসমীয়া কেইবাটাও জনপ্ৰিয় নিচুকনি গীতৰ কলি আঁওৰায়।

আনহাতে অসমীয়া প্ৰতিদিনক সহযোগী সম্পাদক প্ৰকাশ মহন্তই শ্লামড’গ মিলিয়নাৰ আৰু ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰৰ প্ৰসংগ টানি গীতটোৰ সন্দৰ্ভত কয়- এই পৃথিৱীত গানৰ অবিহনে জীয়াই থকা ব্যক্তি নাই। গান ভাল নোপোৱা মানুহো এই পৃথিৱীত নাই।

senior journalist Prakash Mahanta

এইবাৰৰ শিশু দিৱসৰ বিষয়বস্তুৰ আঁত ধৰি গীতটিৰ সম্পৰ্কত তেঁও লগতে কয় যে আজিৰ এই দিনটোত মানসী বায়নৰ যিটো গীত, সেই গীতটোৱে এইবাৰৰ শিশু দিৱসৰ বিষয়বস্তুৰ প্ৰতিফলন ঘটাইছে। গীতটোৰ কথা, সুৰ, সংগীত, কণ্ঠ তথা দৃশ্যাৱলী বৰ সুন্দৰ হৈছে বুলি তেওঁ মন্তব্য কৰে।

গীতটিৰ মুকলি কৰাৰ পাছতে ভিডিঅ’ উপভোগ কৰি আবেগিক হৈ পৰে নন্দিনী আলোচনীৰ সম্পাদক মাইনী মহন্ত। গীতটিয়ে তেঁওক চুই যোৱা বুলি মন্তব্য কৰে। এইটো এটা শিশু অধিকাৰৰ গীত বুলি উল্লেখ কৰি তেওঁ কয়- গীতটিত দেখা নিষ্পেষিত ল’ৰা- ছোৱালীখিনি দেখিলে তেওঁৰ দুখ লাগে। লগতে তেওঁ এনেবোৰ গীত কিছুমান ঠাইত প্ৰদৰ্শিত হ’ব লাগে বুলিও আশা ব্যক্ত কৰে।

senior journalist cum author Maini Mahanta

ইফালে অতনু ভট্টাচাৰ্যই অনুষ্ঠানত উপস্থিত থাকি এনেধৰণৰ কামৰ প্ৰশংসা কৰাৰ লগতে মানসী বায়নৰ সদ্য মুক্তিপ্ৰাপ্ত গীতটোৰ সন্দৰ্ভত তেঁও মন্তব্য প্ৰদান কৰে। অপু ভৰদ্বাজেও এই গীতৰ সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে এই অনুষ্ঠানত।

গীতিকাৰ মানসী বায়নে গীতটি ৰাইজে আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰি গীতটিৰ সৈতে জড়িত আটাইৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে গীতটিৰ নিৰ্মাণৰ সৈতে জড়িত ভালেকেইগৰাকী ব্যক্তিয়ে কোনো মাননি নোলোৱাকৈ সমাজৰ হিতৰ বাবে অৰিহণা যোগোৱা বুলি জানিবলৈ দিয়ে।
 

 উল্লেখযোগ্য যে গুৱাহাটীৰ দুটামান বস্তি অঞ্চল আৰু মুম্বাইৰ সুবৃহৎ বস্তি এলেকা "ধাৰাভি" ত দৃশ্যগ্ৰহণ কৰা হৈছে এই গীতটিৰ ভিডিঅ’ৰ বাবে। ইয়াৰ জৰিয়তেও সেইসকল ল'ৰা ছোৱালীৰ বাস্তৱ ছবিখন তুলি ধৰা হৈছে কেমেৰাত। 

গৃহহীন বস্তিৰ ল’ৰা- ছোৱালীৰ বিষয়টো কেৱল অসমৰে নহয়, বিশ্বজনীন এক সমস্যা। সেইবাবেই গীতটোৰ জৰিয়তে এই বিষয়টো বিশ্বৰ প্ৰেক্ষপটলৈ লৈ যোৱা চেষ্টা কৰা হৈছে। ভিডিঅ’টোত পাপনে এইসকল ল'ৰা- ছোৱালীৰ সৈতে কটোৱা কিছু অন্তৰংগ মুহূর্তও চিত্রায়িত হৈছে। সুন্দৰভাৱে এই অনুষ্ঠানটিৰ আঁত ধৰে নন্দিনীৰ সংবাদকৰ্মী দেৱযানীয়ে।

শিশু দিৱস