/asomiyapratidin/media/media_files/2025/09/22/ujjjd-2025-09-22-00-42-08.jpg)
ডিজিটেল ডেস্কঃ কেনেকৈ পাহৰিব সেই সুৰীয়া সময়! কেনেকৈ ছিঙিব বান্ধোন। জুবিনৰ শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ পাপন অহা নাই বূুলি আক্ষেপ কৰি আছিল অনুৰাগীসকলে। কিন্তু অৱশেষত পাপন আহিল। মাজনিশা জুবিনৰ শেষ যাত্ৰাৰ সংগী হ'বলৈ পাপন উপস্থিত হ'লহি গুৱাহাটীত।
এক সূত্ৰৰ খবৰ অনুসৰি, ইতিমধ্যে সৰুসজাইলৈ ৰাওনা হৈছে পাপন। পাপনৰ সৈতে আছে পত্নীও। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গকো সাক্ষাত কৰিব পাপনে। জুবিনৰ শেষকৃত্য সম্পন্ন হোৱালৈকে অসমতে কটাব পাৰে পাপনে। উল্লেখ্য যে, জুবিনৰ শেষকৃত্য সম্পন্ন হব অহা ২৩ছেপ্টেম্বৰত।