স্থায়ী আশ্ৰয়ৰ লগতে সুৰক্ষাঃ মমতাই বংগলৈ মাতিছে পংকজ পাঠকক...

গোৱালপাৰাত গণৰোষত বলি হোৱাৰ পিছত যেন মানসিকভাৱে ভাগি পৰিছে পংকজ পাঠক। বুধবাৰে নিশা ফেচবুক লাইভত আহি ঘটনাৰ বিৱৰণ দি আৱেগিক হৈ পৰিছিল পংকজ পাঠক।

author-image
Asomiya Pratidin
New Update
web ap pankaj (1)

ডিজিটেল ডেস্কঃ গোৱালপাৰাত গণৰোষত বলি হোৱাৰ পিছত যেন মানসিকভাৱে ভাগি পৰিছে পংকজ পাঠক। বুধবাৰে নিশা ফেচবুক লাইভত আহি ঘটনাৰ বিৱৰণ দি আৱেগিক হৈ পৰিছিল পংকজ পাঠক। এই ঘটনাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া মাৰ নৌঁযাওতেই পংকজ পাঠকে ফেচবুকযোগে দিলে এক বিশেষ বাৰ্তা।

অসম এৰি হয়তো পশ্চিম বংগলৈ গুছিঁ যাব পাৰে পংকজ পাঠক। এটা ফেচবুক পোষ্টযোগে এই ইংগিতেই দিলে পাঠকে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পংকজ পাঠকক সুৰক্ষাসহ স্থায়ী আশ্ৰয় প্ৰদানৰ আশ্বাস দিয়া কথা সদৰি কৰিছে পংকজ পাঠকে।

এই বিষয়ক লৈ পংকজ পাঠকে ফেচবুকত দিয়া পোষ্টটোত লিখিছে এনেদৰে-  কিছুসময়ৰ পূৰ্বে পশ্চিম বংগৰ সন্মানীয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ফোন আহিল ৷ তেওঁ মোক পশ্চিম বংগত স্থায়ীকৈ থিতাপি ল’বলৈ কোৱাৰ লগতে নিৰাপত্তাৰ ব্যৱস্থা কৰি দিবলৈও সন্মত বুলি জনালে।

উল্লেখ কৰা প্ৰয়োজন যে, গোৱালপাৰাত গণৰোষৰ বলি হোৱাৰ পাছত পংকজ পাঠকৰ সুৰক্ষাক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছিল। সমগ্ৰ অসমত এই ঘটনাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অৱশ্যে মনৰ বেজাৰত থাকিলেও বৃহস্পতিবাৰে পূৰ্ব নিৰ্ধাৰিত অনুসৰিয়েই তেওঁ উপস্থিত থাকিব কোকৰাঝাৰৰ কেম্পত।

মমতা বেনাৰ্জী গুৱাহাটী