/asomiyapratidin/media/media_files/2025/03/28/pdoLYdI4xicjZBQULuiV.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ পশ্চিম কাৰ্বি আংলং জিলাৰ বিথুং পৰিষদীয় সমষ্টিৰ লগতে কাষৰীয়া অঞ্চলৰ কাৰ্বি পৰিষদৰ জলসিঞ্চন বিভাগৰ অধীনত নিৰ্মীয়মান চি চি লিনিঙৰ টেলেহৰ নদীৰ পৰা ৰংকুৰু আৰু বলদাৰ পিচিং কাৰ্য দেৰা নদীৰ টেলেহৰত নিৰ্মীয়মান কামৰ অগ্ৰগতি কাৰ্যৰ বুজ লোৱাৰ উদ্দেশ্য পৰিদৰ্শন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ জলসিঞ্চন , পিএন আৰ দি আৰু আৱকাৰী বিভাগৰ কাৰ্যবাহী সদস্য লুনছিং টেৰণে ।
তেওঁ জলসিঞ্চন বিভাগৰ অভিযন্তাক লগত লৈ স্থান পৰিদৰ্শন কৰে ৷ সংগ দিয়ে জলসিঞ্চন বিভাগৰ বৈঠালাংচ' সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দৰছিং ৰংহাং , এচডিঅ হামৰেণ লংদিলি তেৰাং ৷
কাৰ্যবাহী সদস্য গৰাকীয়ে বিভাগীয় বিষয়া সকলক নিৰ্মাণ কাৰ্যসমূহৰ চৰকাৰী গাইড লাইনৰ জৰিয়তে নিৰ্মাণ কৰিবলৈ বিভাগীয় বিষয়াক কঠোৰ নিৰ্দেশ দিয়ে ৷ যাতে জলসিঞ্চনৰ কাম সমূহৰ ৰাইজে সফলভাৱে আহৰণ কৰিব পাৰে ৷ তাৰোপৰি কাৰ্যবাহী সদস্য গৰাকীয়ে অনাগত দিনত পশ্চিম কাৰ্বি আংলঙৰ উন্নয়নমূলক কাৰ্যসমূহ বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি জনায় ৷