পূৰ্বে আছিল ২ টা সন্তানঃ নিৰ্বাচনৰ পিছত ৪ সন্তানৰ অভিভাৱক হোৱাৰ বাবেই পঞ্চায়ত সভাপতি, উপ-সভানেত্ৰীৰ পদ খাৰিজ

পূৰ্বে আছিল ২ টা সন্তানঃ নিৰ্বাচনৰ পিছত ৪ সন্তানৰ অভিভাৱক হোৱাৰ বাবেই পঞ্চায়ত সভাপতি, উপ-সভানেত্ৰীৰ পদ খাৰিজ

author-image
Asomiya Pratidin
New Update
পূৰ্বে আছিল ২ টা সন্তানঃ নিৰ্বাচনৰ পিছত ৪ সন্তানৰ অভিভাৱক হোৱাৰ বাবেই পঞ্চায়ত সভাপতি, উপ-সভানেত্ৰীৰ পদ খাৰিজ

পূৰ্বে আছিল ২ টা সন্তানঃ নিৰ্বাচনৰ পিছত ৪ সন্তানৰ অভিভাৱক হোৱাৰ বাবেই পঞ্চায়ত সভাপতি, উপ-সভানেত্ৰীৰ পদ খাৰিজ

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰাৰ টুমনি গাঁও পঞ্চায়তৰ সভাপতি আজিজুৰ ৰহমান আহমেদ আৰু উপসভানেত্ৰী আফৰুজা বেগমক পদৰ পৰা খাৰিজ। ২০১৮ চনৰ ৩১ অক্টোবৰত চৰকাৰে প্ৰণয়ন কৰা আইনৰ ভিত্তিত দুয়োগৰাকী জনপ্ৰতিনিধিৰ পদ খাৰিজ কৰিছে।

আইন মতে দুটাতকৈ অধিক সন্তান থকা ব্যক্তিয়ে পঞ্চায়ত প্ৰতিনিধি হ'ব নোৱাৰে। কিন্তু এই দুয়োগৰাকী পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচিত হোৱাৰ পিছত চাৰিটা সন্তানৰ জন্মৰে অভিভাৱক হৈছে।

পূৰ্বে তেওঁলোকৰ দুটাকৈ সন্তান আছিল যদিও বৰ্তমান তেওঁলোক চাৰিটা সন্তানৰ অভিভাৱক। সেয়ে আইন অমান্য কৰাৰ বাবেই তেওঁলোকৰ পদ খাৰিজ কৰা হৈছে। উল্লেখ্য যে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই দুয়োৰে পদ খাৰিজ কৰে।

ক্লিক কৰি পঢ়কঃ মগনিয়াৰ বাবে অভিশাপ 'শীত' ! পুনৰ লামডিঙত শীতৰ প্ৰকোপত প্ৰাণ এৰিলে এগৰাকী মহিলাই...

পঞ্চায়ত সভাপতি দক্ষিণ শালমাৰা