পঞ্চায়ত নিৰ্বাচন : ৰাজ্যিক বিজেপিৰ নিৰ্বাচন পৰিচালনা আৰু ইস্তাহাৰ সমিতি গঠন

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যিক বিজেপিৰ। সোমবাৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে এখন নিৰ্বাচন পৰিচালনা সমিতিৰ লগতে ইস্তাহাৰ সমিতি গঠন কৰে

author-image
Asomiya Pratidin
New Update
assam bjp

assam bjp

ডিজিটেল ডেস্ক : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যিক বিজেপিৰ। সোমবাৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে এখন নিৰ্বাচন পৰিচালনা সমিতিৰ লগতে ইস্তাহাৰ সমিতি গঠন কৰে। 

ইয়াৰোপৰি এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে জিলাভিত্তিক প্ৰভাৰী আৰু সহ-ভাৰপ্ৰাপ্তসকলৰ এক বিস্তৃত তালিকা প্ৰকাশ কৰে। প্ৰকাশিত তালিকা অনুসৰি বিজেপি নেতা পল্লৱ লোচন দাসক নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি দিছে ৰাজ্যিক বিজেপিয়ে। 

একেদৰে এই সমিতিত অশোক ভট্ট ৰায়, ৰাজদ্বীপ ৰায় আৰু অজয় কোঁৱৰক সহ আহ্বায়ক হিচাপে নিযুক্তি দিছে। আনহাতে, ইস্তাহাৰ সমিতিৰ নেতৃত্ব প্ৰদান কৰা হৈছে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক। এই সমিতিত নৱনিৰ্বাচিত বিধায়ক দীপ্লুৰঞ্জন শৰ্মা আৰু পুলক গোহাঁইক সহ আহ্বায়ক হিচাপে দায়িত্ব দিয়া হৈছে।

ইফালে নিৰ্বাচন পৰিচালনা সমিতিৰ সদস্যসকল হৈছে- টিনামনি দৈমাৰী, স্বপ্না বণিয়া, অশ্বিনী ৰায় সৰকাৰ, মুন স্বৰ্ণকৰ, সুভাষ দত্ত, ইন্দ্ৰ গগৈ, অৰুণ মৰাণ, ঋতুপৰ্ণ বৰুৱা আৰু প্ৰতাপ কছাৰী। একেদৰে ইস্তাহাৰ সমিতিৰ সদস্যসকল হৈছে- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰাণোজ পেগু, ৰেখাৰাণী দাস বড়ো, প্ৰদীপ ঠাকুৰীয়া, মিহিনেশ্বৰ বসুমতাৰী, ৰীতা তালুকদাৰ, অমিতাভ ৰায় আৰু মিতা নাথ বৰা।

উল্লেখযোগ্য যে কেবিনেট মন্ত্ৰীসকলকো গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি তালিকাত উল্লেখ কৰে। প্ৰকাশিত তালিখন তলত উল্লেখ কৰা হ’ল-

list
list

list
list

পঞ্চায়ত নিৰ্বাচন assam bjp