পঞ্চায়ত নিৰ্বাচন : বৰাকসহ ১৪খন জিলাত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

আজিৰে পৰা ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব। আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ত বৰাককে ধৰি ১৪খন জিলাত অনুষ্ঠিত হ’ব নিৰ্বাচন

author-image
Asomiya Pratidin
New Update
পঞ্চায়ত নিৰ্বাচন

পঞ্চায়ত নিৰ্বাচন

ডিজিটেল ডেস্ক : আজিৰে পৰা ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব। আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ত বৰাককে ধৰি ১৪খন জিলাত অনুষ্ঠিত হ’ব নিৰ্বাচন।

Advertisment

জিলাকেইখন হৈছে- তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকানন্দি আৰু শ্ৰীভূমি। পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ পৰ্ব। 

ইতিমধ্যে এই কেইখন জিলাত প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিছে। একেদৰে সীমান্তৱৰ্তী এলেকাসমূহতো গঢ়ি তোলা হৈছে নিৰাপত্তা বেহু। উল্লেখযোগ্য যে, নিৰ্বাচন পৰিচালনাৰ বাবে নিয়োজিত কৰা হৈছে ১ লাখ ২০ হাজাৰৰো অধিক নিৰ্বাচনী বিষয়া- কৰ্মচাৰী।

পঞ্চায়ত নিৰ্বাচন