/asomiyapratidin/media/media_files/2025/11/12/202-2025-11-12-17-30-58.jpg)
ডিজিটেল সংবাদ, ধেমাজি : পঞ্চায়তসমূহত নিয়োজিত ঠিকাভিত্তিক কৰ্মচাৰীসকলে তেওঁলোকৰ কেইবাটাও দাবীৰ সমৰ্থনত মঙ্গলবাৰৰ পৰা ৰূপায়ণ কৰিছে এলানি প্ৰতিবাদী কায্যসূচী ৷ বুধবাৰে দ্বিতীয় দিনা ৰাজ্যৰ উন্নয়নখণ্ডসমূহত পালন কৰিছে ধৰ্মঘট কায্যসূচীৰ ৷
ধেমাজি জিলাৰ মাছখোৱা উন্নয়ন খণ্ডৰ অধীনৰ বৰদলনী, ঘুগুহা, আজোহা, মাছখোৱা, যোৰকটা, চিচিমুখ, দক্ষিণ ধেমাজি, বৰলুং, গোঁহাই গাঁও আৰু মৰিধল গাঁও পঞ্চায়তত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলেও ৰূপায়ণ কৰে ধৰ্মঘট কায্যসূচীৰ ৷ চাকৰিৰ স্থায়িত্ব ৬০ বছৰলৈ নিশ্চিত কৰা, ৩০ হেজাৰ টকালৈ দৰমহা বৃদ্ধিৰ লগতে বছৰি দহ শতাংশ দৰমহা বৃদ্ধিৰ দাবীত সমগ্ৰ অসম জুৰি ৰূপায়ণ কৰা হৈছে এই প্ৰতিবাদী কায্যসূচীৰ ৷
উল্লেখযোগ্য যে পঞ্চায়তসমূহত গাঁও পঞ্চায়ত সমন্বয়ক, এক্ৰিদিয়েট ইঞ্জিনীয়াৰ, গ্ৰাম ৰোজগাৰ সহায়ক, কম্পিউটাৰ সহায়ক আৰু একাউন্ট সহায়ক হিচাপে প্ৰায় ৮ হেজাৰ কৰ্মচাৰী ২০০৯ চনৰে পৰা ঠিকাভিত্তিক হিচাপত নিয়োজিত হৈ আছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us