Advertisment

পঞ্চায়ত নিৰ্বাচন : স্মাৰ্ট মিটাৰ, মূল্যবৃদ্ধি, দুৰ্নীতিয়ে হ'ব 'আপ'ৰ নিৰ্বাচনী ইছ্যু…

ৰাজ্যৰ সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে আম আদমী পাৰ্টিয়ে। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ২৭ খন জিলাৰ ১৮১ খন আঞ্চলিক পঞ্চায়ত আৰু ৩৯৭ খন জিলা পৰিষদৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আপে

author-image
Asomiya Pratidin
New Update
aap assam

aap assam

ডিজিটেল সংবাদ, গুৱাহাটী : ৰাজ্যৰ সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে আম আদমী পাৰ্টিয়ে। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ২৭ খন জিলাৰ ১৮১ খন আঞ্চলিক পঞ্চায়ত আৰু ৩৯৭ খন জিলা পৰিষদৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আপে। 

Advertisment

পঞ্চায়ত নিৰ্বাচনত দলৰ আন কোনো দলৰ সৈতে বুজাবুজিৰ সম্ভাৱনা নাই। দলৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়াই কয়- " আগন্তুক পঞ্চায়ত নিৰ্বাচনত ১০০ শতাংশ আসনতে প্ৰতিদ্বন্দ্বিতা কৰাটো আমাৰ লক্ষ্য। এই লক্ষ্যত উপনীত হ'বৰ বাবে আমাৰ দলৰ কৰ্মকৰ্তা সকলে জিলাই জিলাই সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ কামত আত্মনিয়োগ কৰিছে। 

ইতিমধ্যে বেছিভাগ জিলাতে নতুনকৈ আপৰ জিলা কমিটী গঠন কৰা হৈছে। বিধান সভা পৰ্যায়ত সাংগঠনিক কমিটী, মণ্ডল কমিটী আৰু বুথ পৰ্যায়ত কমিটী গঠনৰ কাম চলি আছে। অহা ১৫ জানুৱাৰীৰ ভিতৰত সকলো সমষ্টি কমিটিৰ উপৰি পঞ্চায়ত ভিত্তিক কমিটী গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। ইতিমধ্যে দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলৰ বাবে প্ৰপত্ৰ দি থকা হৈছে। নিৰ্ধাৰিত প্ৰপত্ৰ পূৰণ কৰি প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলৰ আবেদন গ্ৰহণৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।" 

দলৰ সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত পঞ্চায়তত আপে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে। ইতিমধ্যে উজনি, নামনি আৰু বৰাক উপত্যকাৰ জিলা সমূহত সভাপতি ধানোৱাৰৰ নেতৃত্বত ৰাজ্যিক কমিটীৰ জন সম্পৰ্ক যাত্ৰা কাৰ্যসূচীয়ে যথেষ্ট সহাঁৰি লাভ কৰাৰ বিষয়েও দলৰ নেতাগৰাকীয়ে সদৰি কৰে। 

পঞ্চায়ত নিৰ্বাচনত আপৰ মূল ইছ্যু সন্দৰ্ভত শইকীয়াই কয়, " অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধৰ মূল্যবৃদ্ধি, চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি, স্মাৰ্ট মিটাৰৰ লুণ্ঠন আৰু উন্নয়ন মূলক আঁচনি ৰূপায়নৰ ক্ষেত্ৰত দুৰ্নীতিয়ে হ'ব আপৰ মূল নিৰ্বাচনী ইছ্যু। দলৰ মূল শ্ল'গান হ'ব - আমাৰ গাওঁ, আমাৰ পঞ্চায়ত, আমাৰ উন্নয়ন। পঞ্চায়তসমূহক দুৰ্নীতি - অনিয়মৰ পৰা মুক্ত কৰি জনসাধাৰণৰ বাবে সুশাসন প্ৰতিষ্ঠা কৰা আম আদমী পাৰ্টিৰ লক্ষ্য। আপৰ বাবে এই নিৰ্বাচন হ'ব কংগ্ৰেছ আৰু বিজেপিৰ জনপ্ৰতিনিধি সকলৰ দুৰ্নীতিৰ বিৰুদ্ধে এক শক্তিশালী যুঁজ। "

পঞ্চায়ত নিৰ্বাচন আপ আপ অসম