/asomiyapratidin/media/media_files/2025/04/17/tLQo42VEHDqo728WbNyw.jpg)
বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ'ল কেইবাগৰাকীও প্ৰাৰ্থী
ডিজিটেল ডেস্ক : পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত হাজোৰ দিনউখুৰা কেটকীবাৰী গাঁও পঞ্চায়তত বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হ'ল দুগৰাকী প্ৰাৰ্থী। যাৰবাবে নৱ গঠিত কমলপুৰ সমষ্টিৰ অন্তৰ্গত উখুৰা কেটকীবাৰী গাঁও পঞ্চায়তত উচাহৰ ঢল দেখিবলৈ পোৱা গৈছে।
পঞ্চায়ত খনত দুগৰাকী প্ৰাৰ্থী ৰুমী কলিতা আৰু গীতিকা দাস বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে। দুয়োগৰাকী প্ৰাৰ্থীৰ বিপৰীতে কোনো প্ৰাৰ্থী নথকাৰ ফলত অনায়াসে বিজয়ী হল দুয়োগৰাকী প্ৰাৰ্থী। উল্লেখযোগ্য যে, বিজেপি দলৰ পৰোক্ষ সহযোগত মনোনয়ন দাখিল কৰিছিল দুয়ো গৰাকী প্ৰাৰ্থীয়ে।
ইফালে চিলাপথাৰ গাঁও পঞ্চায়তত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ'ল কাউঞ্চিলৰ হিৰণ্য মিলি বড়া আৰু ৱাৰ্ড সদস্য অনুপ কুমাৰ দাস। পঞ্চায়তখনৰ কাউন্সিলৰ পদৱীৰ বাবে মনোনয়ন দাখিল কৰিছিল বিজেপিৰ প্ৰাৰ্থী হিৰণ্য মিলি বড়া আৰু নিৰ্দলীয় নিভাৰাণী কুলি পেগুৱে। পিছে আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত নিভাৰাণীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত বিজেপি প্ৰাৰ্থী গৰাকী নিৰ্বাচিত হোৱাৰ পথ প্ৰশস্ত হৈ পৰে।
আনহাতে, পঞ্চায়তখনৰ ২ নং ৱাৰ্ডৰ প্ৰাৰ্থী অনুপ কুমাৰ দাসৰ বিৰুদ্ধে এইবাৰ থিয় নিদিলে কোনো এজন প্ৰাৰ্থীয়ে। ফলত অনুপ কুমাৰ দাসে বিনা প্ৰতিদ্বন্দিতাই বিজয়ী হ'বলৈ সক্ষম হয়। ২০০২ চনত চিলাপথাৰ গাঁও পঞ্চায়তৰ সভাপতি, ২০০৭ চনত কাউন্সিলৰ, ২০১৯ চনত সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰা অনুপ কুমাৰ দাস এইবাৰ আকৌ পঞ্চম বাৰৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ'ল।