ডিজিটেল সংবাদ, ধুবুৰী : বুধবাৰে ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত ধুবুৰী জিলা কংগ্ৰেছ সভাপতি আবেদুৰ জামান জুৱেলৰ সভাপতিত্বত জিলাখনৰ অন্তৰ্গত ৬খন ব্লক কংগ্ৰেছৰ সাংগঠনিক সভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কৰ্মী সভাত উপস্থিত থাকে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা, দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, গোলাকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুছ ছোভহান আলী সৰকাৰকে ধৰি কংগ্ৰেছ দলৰ অন্যান্য শীৰ্ষ নেতৃবৃন্দ আৰু জিলা কংগ্ৰেছৰ কৰ্মীসকল উপস্থিত থাকে।
সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত সাংসদ ৰকিবুল হুছেইনে কয় যে আগন্তক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে ৰণকৌশল প্ৰস্তুত কৰাৰ উদ্যেশ্যেই আজিৰ এই সাংগঠনিক সভাৰ আয়োজন কৰা হৈছে। প্ৰাক্তন সভাপতি ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছ দল ত্যাগ কৰি পুনৰ কংগ্ৰেছ দলত যোগদান কৰাৰ পিচৰে পৰাই কংগ্ৰেছ দল আৰু অধিক শক্তিশালী হৈ পৰিছে বুলি তেঁও কয়।
ইয়াৰ লগতে আজি তৃণমূল কংগ্ৰেছৰ সকলো নেতা-কৰ্মী আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে বুলি তেঁও সাংবাদিকৰ আগত জানিবলৈ দিয়ে। ৰকিবুল হুছেইনে আজি সাংবাদিকৰ আগত কয় যে, অসমৰ সকলো শ্ৰেণীৰ ৰাইজ স্বৈৰাচাৰী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজৰ ওপৰত বিতুষ্ট হৈ পৰিছে।
যাৰ বাবে মুখ্যমন্ত্ৰী ড° শৰ্মাই ঐতিহাসিক নিয়মৰ সলনি কৰাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড মেম্বাৰ, সভাপতিকে ধৰি গোটেই পদ্ধতিটোকে সলনি কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰতীক পদুম ফুলটোক লৈ ৰাইজৰ ওচৰত যাবলৈ সাহস গোটাব পৰা নাই বুলি কয়। সেই কাৰণেই মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া আইন সংশোধন কৰিছে আৰু তেঁও নিৰ্বাচনটো দলীয় ভিত্তিত কৰিবলৈ সাহস গোটাব পৰা নাই।
ইপিনে আগন্তক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত চামগুৰি সমষ্টিত কংগ্ৰেছে ৫০ হাজাৰ ভোটত জয়ী হ'ব বুলি ভৱিষ্যৎবাণী কৰি সাংসদ ৰকিবুল হুছেইনে কয় যে ইয়াৰ অন্যথা হ'লে তেঁও ৰাজনৈতিক জীৱন ত্যাগ কৰিব বুলিও ঘোষণা কৰে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰী শাসনৰ ফলত অসমৰ বিকাশ আৰু বহুত বছৰ পিছুৱাই গ'ল বুলি মন্তব্য কৰি ৰকিবুল হুছেইনে কয় যে অসমৰ মানুহে ড° হিমন্ত বিশ্ব শৰ্মাক ভালদৰেই চিনি পাইছে।
কাৰ্পেটৰ তলত হিমন্ত বিশ্ব শৰ্মাৰ কু- কাণ্ডৰ ফাইল এতিয়াও আছে। ইপিনে অমিত শ্বাহে বাবা চাহেব ভীমৰাও আম্বেদকাৰক অপমান কৰিছে বুলি মন্তব্য কৰি অতিশীঘ্ৰে তেঁও পদত্যাগ কৰিব লাগে বুলি নিজৰ মত দাঙি ধৰে। অত্যাচাৰী শাসক ছাদ্দাম হুছেইনৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তুলনা কৰি তেঁও কয় যে এইবাৰ ড° হিমন্ত বিশ্ব শৰ্মাও ডুবিব।
ৰকিবুল হুছেইনে বিশ্ব ৰেকৰ্ড কৰাৰ পৰাই মুখ্যমন্ত্ৰীৰ টোপনি নোহোৱা হৈ পৰিছে বুলিও তেঁও মন্তব্য কৰে। আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই কয় যে সাম্প্ৰদায়িক দল বিজেপিক প্ৰতিহত কৰাৰ বাবে অসমত তৃণমূল কংগ্ৰেছৰ সকলো নেতা-কৰ্মী কংগ্ৰেছত যোগদান কৰিছে। আজিৰ পৰা তৃণমুল কংগ্ৰেছৰ সকলো জিলা কমিটী শূন্য হৈ পৰিব বুলি তেঁও কয়। কাৰণ অসমত তৃণমূল কংগ্ৰেছৰ সকলো জিলা কমিটীয়ে কংগ্ৰেছত যোগদান কৰিছে বুলি ৰিপুণ বৰাই স্পষ্ট কৰি দিয়ে।