পঞ্চায়ত নিৰ্বাচন : বিহালীত ৰণশিঙা বজালে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ কাৰ্বি পাহাৰৰ পৰা বিহালীলৈ আহিল কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷

author-image
Asomiya Pratidin
New Update
পঞ্চায়ত নিৰ্বাচন : বিহালীত ৰণশিঙা বজালে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে

ডিজিটেল সংবাদ, বিহালী : পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ কাৰ্বি পাহাৰৰ পৰা বিহালীলৈ আহিল কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷ বিশ্বনাথ বিধানসভা সমষ্টিৰ শামুকজুলি, মিচামাৰী আৰু চেলাইখাটিত তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহন কৰে ৰংহাঙে ৷ 

বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰক লগত লৈ কাৰ্বি বসতি প্ৰধান অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলোৱা তুলিৰাম ৰংহাংক উষ্ম আদৰনি জনাই কাৰ্বি ৰাইজে ৷ লগতে ডিফুৰ বিধায়ক বিদ্যা সিং ইংলেং উপস্থিত থাকে ৷ বাইক ৰেলীৰে কাৰ্বি ৰাইজে আদৰি অনা তুলিৰাম ৰংহাংয়ে কাৰ্বি ৰাইজক বিজেপিৰ সপক্ষে ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

উল্লেখযোগ্য যে, বিহালীৰ অসম- অৰুণাচল সীমান্তৰ ক্ৰমে শামুকজুলী, মিছামাৰী আৰু চেলাইখাটিৰ তিনিখনকৈ বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অংশগ্ৰহন কৰি বিজেপিক ভোট দিবলৈ ৰাইজক আহবান জনায়। আনহাতে এই নিৰ্বাচনী প্ৰচাৰ সভাতে সাংবদিকক মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে বিজেপি চৰকাৰৰ নেতৃত্বত সকলো দিশত উন্নয়ন হোৱাৰ লগতে উগ্ৰপন্থীক দমন কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ আৰু সকলো জাতি- জনগোষ্ঠীৰে সমস্যা সমাধান কৰিছে যাৰ বাবে বিজেপিৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে ।

তাৰোপৰি তুলিৰাম ৰংহাঙে কয়- পেহেলগামৰ ঘটনাক নিন্দা কৰিছো। লগতে বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ বাবে ভাল পাইছো ৷ তিনিটা 'ডি'ৰ কথা উল্লেখ কৰি তুলিৰামে কয় যে দিল্লীত মোডী, দিছপুৰত হিমন্ত বিশ্ব শৰ্মা আৰু ডিফুত তুলিৰামৰ নেতৃত্বত চৰকাৰ আছে । গতিকে জয় নিশ্চিত । 

এই নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য কাৰ্যবাহী সদস্যগৰাকীক সংগ দিয়ে ডিফুৰ বিধায়ক বিদ্যাসিং ইংলেং, হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰসিং ৰংহাং আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।

পঞ্চায়ত নিৰ্বাচন