বেবেজীয়াত পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা

আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়া অঞ্চল ।নতুনকৈ গঠন হোৱা ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ অন্তৰ্গত

author-image
Asomiya Pratidin
New Update
বেবেজীয়াত পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা

ডিজিটেল সংবাদ, বেবেজীয়া : আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়া অঞ্চল । নতুনকৈ গঠন হোৱা ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৱাৰ্ডত ৱাৰ্ড সদস্যা ৰেৱতী শইকীয়াৰ সমৰ্থনত এটি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় ।

Advertisment

শংকৰী কলা কৃষ্টিৰ সাধক তথা বৰ্ষীয়ান সমাজকৰ্মী অনন্ত হাজৰিকাই কাৰ্যালয়টি মুকলি কৰি প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় । সমাজকৰ্মী সীমান্ত বৰাই  আঁত ধৰা অনুষ্ঠানটিত নীলমণি বৰা, হৰকান্ত শইকীয়া, ৰাজীৱ বৰা, ৰাজীৱ বৰা(টুটু), পূৰ্ণানন্দ বৰা, প্ৰফুল্ল বৰা, মুকুল কলিতা, প্ৰাঞ্জল বৰা, শুভ শইকীয়া, ভূৱন বৰা, নিৰঞ্জন শইকীয়া, ৰিজু বৰা, ভাৰতী হাজৰিকা, তৰাইমাই বৰা, সোনমাই বৰা, ভদ্ৰেশ্বৰী বৰা, শিখামণি শইকীয়া, পঞ্চী বৰা, ইভা ৰাণী শইকীয়া, ৰীতা শইকীয়া, নিৰু শইকীয়া, সাগৰিকা বৰা , কুসুম শইকীয়া,ৰীনা বৰা, মনোপ্ৰভা বৰাকে ধৰি অঞ্চলটোৰ যুৱক-যুৱতী আৰু আই-মাতৃসকল উপস্থিত থাকে ।

উল্লেখযোগ্য যে ৩ নং বেবেজীয়া বাৰ্ডটোত ৰেৱতী শইকীয়াকে ধৰি আৰু তিনিগৰাকী সুৰুয মনি বৰা, জ্যোতি শৰ্মা আৰু চুমি বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

Panchayat Election Bebejia