/asomiyapratidin/media/media_files/2025/05/13/A3r0cgJ6X0l1ciNqA2n3.jpg)
অগপ, গণশক্তিক বিজেপিয়ে কৰিলে প্ৰতাৰণা !
ডিজিটেল সংবাদ, ঢকুৱাখনা: বিৰোধী শূণ্য হল ঢকুৱাখনা। সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত ঢকুৱাখনা সমজিলাৰ মুঠ ৪ খন জিলা পৰিষদৰ গোটেই কেইখনেই নিজৰ দখললৈ নিবলৈ সক্ষম হল গেৰুৱা দলটো। মিত্ৰজোঁটৰ প্ৰাৰ্থী ক্ৰমে পশ্চিম ঢকুৱাখনা সমষ্টিৰ ছোনিয়া বৰগোঁহাই, পূব ঢকুৱাখনা মাতমৰাত প্ৰণৱ পেগু, ঘিলামৰাত ছন্দেশ্ৱৰ গগৈ আৰু সোৱণশিৰীত ইন্দিৰা চিন্তে কুম্বাংযে ব্যাপক ভোটৰ ব্যৱধানত জয়ী হৈ শাসক দলটোৰ একক আধিপত্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ।
একেদৰে, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ মুঠ ২২ আসনৰ বিপৰীতে ১৬ খনেই মিত্ৰ শক্তিয়ে নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে। বিপৰীতে ৩খন আসনহে লাভ কৰিছে বিৰোধী কংগ্ৰেছ দলে। আনহাতে, ৩খন আসন দখল কৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে। সমান্তৰাল ভাৱে অধিকাংশ ৱাৰ্ড সদস্যৰ আসনো নিজৰ দখললৈ নিয়ে শাসক দলৰ মিত্ৰ শক্তিয়ে। যাৰ পৰিপ্ৰেক্ষিতত গৰিষ্ঠ সংখ্যক গাঁও পঞ্চায়ত গঠনৰ পথো সুগম হৈ গল গেৰুৱা দলটোৰ।
উল্লেখযোগ্য যে, হাৰ্হি আঞ্চলিক পঞ্চায়তৰ সদস্য পদটো মিত্ৰ জোঁটৰ অগপ দলে লাভ কৰি মিত্ৰ শক্তিৰহৈ সংগীতা বৰুৱা শইকীয়াক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল। কিন্তু এইখন আসনত গেৰুৱা দলে নিৰ্দলীয়ভাবে প্ৰাৰ্থী থিয় কৰাইছিল অৰ্পনা কোঁচ চেতিয়াক। গেৰুৱা দলটোৱে মিত্ৰ জোঁটৰ প্ৰাৰ্থীৰ পৰিবৰ্তে গেৰুৱা নিৰ্দলীয় প্ৰাৰ্থী গৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভোটদান কৰি জয়ী কৰাই নিয়ে অৰ্পনা কোঁচ চেতিয়াক। পৰিণতিত মুখ থেকেছা খালে মিত্ৰজোঁটৰ সমৰ্থনত নিৰ্বাচনত অৱতীৰ্ণ হোৱা অগপ দলৰ প্ৰাৰ্থী গৰাকীয়ে। আগদিনালৈকে নিৰ্দলীয় হৈ জয়ী হোৱাৰ পাছদিনাই বিধায়ক নৱ দলে আৰু জিলা বিজেপিয়ে অৰ্পনা কোঁচ চেতিয়াক বাসুদেৱ থান নৰোৱা সত্ৰলৈ মাতি নি গামোচা পিন্ধাই দলীয় অন্য জয়ী প্ৰাৰ্থী সকলৰে মিলিত হৈ শৰাই আগবঢ়োৱাৰ ফটো ভাইৰেল হোৱাত গেৰুৱা দলৰ নিকৃষ্ট অভিসন্ধি পোহৰলৈ আহিছে ।
/asomiyapratidin/media/media_files/2025/05/13/vfO3RZeLG6DLNXXbPGVx.jpeg)
ইফালে, মৰনৈ আঞ্চলিক সদস্যৰ আসনখন মিত্ৰজোঁটৰ সমৰ্থিত অগপ দলৰ প্ৰাৰ্থী ৰূপাঞ্জলি চুতীয়াক অৱতীৰ্ণ কৰাৰ পাছত গেৰুৱা দলে নিৰ্দলীয় ভাবে প্ৰাৰ্থী থিয় কৰাইছিল ঋতুমণি চুতীয়া ভঁৰালীক। গেৰুৱা দলটোৱে একেদৰেই মুকলি ভাবে মিত্ৰতাৰ ধৰ্ম জলাঞ্জলি দি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ পৰিবৰ্তে প্ৰচাৰ চলাই জয়ী কৰাই নিয়ে গেৰুৱা সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী ঋতুমণি চুতীয়া ভঁৰালীক।
উল্লেখযোগ্য যে ৪ জিলা পৰিষদ সমষ্টিৰ ভিতৰত মিত্ৰ জোঁটৰ অংশীদাৰ গনশক্তি দলক এখন আসন গেৰুৱা দলটোৱে এৰি দিয়াৰ বিপৰীতে এখনো আসন এৰি নিদিলে আঞ্চলিক দল অগপ দলক। যি কেইখন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসন দিছিল তাতো সমান্তৰালভাৱে নিজা নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাই কাৰ্যতঃ অস্তিত্ব শূণ্য কৰি তুলিলে আঞ্চলিক দল অগপক। লক্ষণীয় ভাবে, ৱাৰ্ড সদস্য পদৰ বাবে গেৰুৱা দলৰ সমৰ্থিত প্ৰাৰ্থী সকলৰ প্ৰতীক সমূহীয়া ভাবে "কাপ প্লেট" হোৱাত গেৰুৱা দলৰ প্ৰাৰ্থী সকলৰ সুকীয়া প্ৰতীকৰ পৰিবৰ্তে কেৱল কাপ প্লেট চিহ্নত ভোট দানৰ প্ৰচাৰ চলোৱাৰ অভিযোগ গনশক্তি, অগপ দলৰ নেতৃত্বৰ মুখে মুখে ।
আনহাতে, একেই দুৰৱস্থা গণশক্তি দলৰ প্ৰাৰ্থীৰ ক্ষেত্ৰতো। গেৰুৱা দলৰ এনে কূট কৌশলকো প্ৰতিহত কৰি নিজস্ব পৰিশ্ৰমৰ জখলাৰে নগণ্য সংখ্যক প্ৰাৰ্থী জয়ী হবলৈ সক্ষম হয় ঢকুৱাখনা সমজিলাত। অভিযোগ উত্থাপিত হৈছে, পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ নামত বাস্তৱিকতে শত্ৰুতাহে কৰিলে অগপ-গনশক্তি দলৰ লগত গেৰুৱা দলটোৱে। মিত্ৰ জোঁটৰ দল সন্মিলিত গনশক্তি অসম আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ ৰাজনৈতিক অভিলাষত চেঁচা পানী ঢালি নৱ দলেৰ নেতৃত্বত চতুৰ শাসক দলে অনাগত সময়ত ঢকুৱাখনাত বিৰোধী ৰাজনৈতিক শক্তিৰ ভেঁটি শূণ্য বুলি জাহিৰ কৰিবলৈ গ্ৰহণ কৰা এই কৌশলৰ পাছতেই ঢকুৱাখনা অগপ আৰু গণশক্তি দলৰ মজিয়াত ক্ষোভ অসন্তুষ্টিযে গা কৰি উঠিছে। গেৰুৱা দলৰ এই ৰাজনৈতিক লেং মৰা চতুৰ্য্যতাকলৈ সামাজিক মাধ্যমত ব্যাপক মুকলি চর্চা আৰম্ভ হৈছে ।