নিৰ্দলীয়ৰ দখললৈ কামপুৰৰ তেতেঁলীসৰা পঞ্চায়ত...

৫৯ নং বঢ়মপুৰ সমষ্টিৰ ২নং যমুনামুখ জিলা পৰিষদৰ ১৫ নং তেতেঁলীসৰা গাঁও পঞ্চায়তত আঞ্চলিক সদস্য পদত হেমন্ত কুমাৰ দাস আৰু ৮ টা ৱাৰ্ড সদস্য পদত বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হয়।

author-image
Asomiya Pratidin
New Update
dd

ডিজিটেল সংবাদ,নগাঁওঃ ঘোষণা হ'ল পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। বিগত ৭ মে'ত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত তেতেলিসৰা গাঁও পঞ্চায়তত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়যাত্ৰা। ৫৯ নং বঢ়মপুৰ সমষ্টিৰ ২নং যমুনামুখ জিলা পৰিষদৰ ১৫ নং তেতেঁলীসৰা গাঁও পঞ্চায়তত আঞ্চলিক সদস্য পদত হেমন্ত কুমাৰ দাস আৰু ৮ টা ৱাৰ্ড সদস্য পদত বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হয়। যাৰ বাবে পঞ্চায়ত খনত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে। জয়ী প্ৰাৰ্থী সকলে ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰতি প্ৰদান কৰিছে।

নগাঁও