নগাঁৱত নিশালৈকে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল পৰ্ব অব্যাহত...

ধনৰ লেনদেনৰ কথা শুনা পাইছো ।  পইচা উঠা নাই বাবে  বিৰোধীয়ে টিকট দিব পৰা নাই ।” বিৰোধীৰ দলক উদ্যেশ কৰি এই বক্তব্য বিধায়ক ৰূপক শৰ্মাৰ । লগতে বিধায়ক শৰ্মাই কয় 'আমি

author-image
Asomiya Pratidin
New Update
magen

ডিজিটেল সংবাদ ,নগাঁওঃ “ ধনৰ লেনদেনৰ কথা শুনা পাইছো ।  পইচা উঠা নাই বাবে  বিৰোধীয়ে টিকট দিব পৰা নাই ।” বিৰোধীৰ দলক উদ্যেশ কৰি এই বক্তব্য বিধায়ক ৰূপক শৰ্মাৰ । লগতে বিধায়ক শৰ্মাই কয় 'আমি যোৱা সময়ত কাম কৰি গৈছো । ৰাইজৰ মাজত আছো । ৰাইজৰ সেৱা কৰিছো । ৰাইজে আমাক আৰ্শীবাদ কৰিব । এখন ভাল পঞ্চায়ত গঠন হ'ব । 

Advertisment

আজি নগাঁৱত দলীয় প্ৰাৰ্থীৰ সৈতে মনোনয়ন দাখিল কৰিবলৈ আয়ুক্ত কাৰ্যালয়লৈ সমদল কৰি অহা সময়ত এই বক্তব্য আগবঢ়ায বিধায়ক জনে । মনোনয়ন দাখিলৰ অন্তিম দিনত নগাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ লগতে সমজিলা সমূহটো ব্যাপক হাৰত প্ৰাৰ্থী সকলে মনোনয়ন দাখিল কৰা পৰিলক্ষিত হৈছে ।

প্ৰাৰ্থীৰ দীঘলীয়া শাৰীৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া নিশালৈকে অব্যাহত আছে । নগাঁও জিলাৰ ২৭ খন জিলা পৰিষদ আছে । ইয়াৰে বিজেপি - অগপ মিত্ৰ দলৰ ভিতৰত বিজেপিয়ে ১৯ খন আসনত আৰু ৮ খনত অগপই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

পঞ্চায়ত নিৰ্বাচন