ঘোষণা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন...

প্ৰাৰ্থী সকলে ৩ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ। লক্ষ্যণীয় যে, প্ৰথম পৰ্যায়ত উজনিৰ লগতে দ্বিতীয় পৰ্যায়ত মধ্য আৰু নামনি অসমত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

author-image
Asomiya Pratidin
New Update
নৱ

ডিজিটেল ডেস্কঃ  অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত আজি ঘোষণা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন। এইবেলি দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। অহা ২মে’ত প্ৰথম পৰ্যায়ৰ আৰু ৭ মে’ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।

Advertisment

নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ লগে লগে বলবৎ হৈছে নিৰ্বাচনী আচৰণ বিধি। লগতে ১১ মে'ত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। আজি পাঞ্জাবাৰীস্থিত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ কনফাৰেন্স হলত সংবাদ মাধ্যমক সম্বোধন কৰি এই ঘোষণা কৰে ৰাজ্যিক নিৰ্বাচনী আয়োগে। 

প্ৰাৰ্থী সকলে ৩ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ। লক্ষ্যণীয় যে, প্ৰথম পৰ্যায়ত উজনিৰ লগতে দ্বিতীয় পৰ্যায়ত মধ্য আৰু নামনি অসমত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

উল্লেখ কৰা প্ৰয়োজন,নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে নিৰ্বাচনী আয়োগ। পঞ্চায়ত নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৮০ লাখ ৩৬ হজাৰ ৬৮২। লগতে সৰ্বমুঠ পুলিং ষ্টেচন ২৫০০৭ টা। এইবেলি প্ৰতীকচিহ্ন অবিহনেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন।

পঞ্চায়ত নিৰ্বাচন