"ধুবুৰী জিলাত এতিয়া এআইইউডিএফ নাই"

আকৰ্ষণীয় হৈ পৰিছে ধুবুৰীৰ গৌৰীপুৰৰ নিৰ্বাচনী যুঁজখন। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত শাসক-বিৰোধী আটায়ে তীব্ৰতৰ কৰি তুলিছে নিজ নিজ প্ৰচাৰ অভিযান। 

author-image
Asomiya Pratidin
New Update
আকৰ্ষণীয় হৈ পৰিছে ধুবুৰীৰ গৌৰীপুৰৰ নিৰ্বাচনী যুঁজ

আকৰ্ষণীয় হৈ পৰিছে ধুবুৰীৰ গৌৰীপুৰৰ নিৰ্বাচনী যুঁজ

ডিজিটেল সংবাদ, পৰ্বতঝোৰা: আকৰ্ষণীয় হৈ পৰিছে ধুবুৰীৰ গৌৰীপুৰৰ নিৰ্বাচনী যুঁজখন। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত শাসক-বিৰোধী আটায়ে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। 

Advertisment

ধুবুৰীৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ পানবাৰী ৰঙামাটি জিলা পৰিষদত এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত এআইইউডিএফ দলৰ মনোনীত প্ৰাৰ্থী গৰাকীয়ে আগতে জিলা পৰিষদৰ সদস্য হোৱাৰ বাবে তিনিখন গাঁও পঞ্চায়তত সভা কৰিব পৰা নাই। আনফালে, বিজেপিৰ প্ৰাৰ্থী গৰাকী আগতে এআইইউডিএফ দলৰ পৰা জিলা পৰিষদ সদস্য নিৰ্বাচিত হৈছিল, কিন্তু পিছত কংগ্ৰেছ দলত যোগদান কৰিছিল আকৌ বিজেপি যোগদান কৰে।  তিনিদিন আগত এআইইউডিএফ, দুদিন পিছত কংগ্ৰেছ এতিয়া বিজেপি পৰা নিৰ্বাচন খেলিছে প্ৰাৰ্থীগৰাকীয়ে।

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ, বিজেপি আৰু এআইইউডিএফ দলৰ মাজতে মুল যুঁজখন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ মাজতে কংগ্ৰেছী প্ৰাৰ্থীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে, "ধুবুৰী জিলাত এতিয়া এআইইউডিএফ নাই।ধুবুৰী জিলাত সৰহ সংখ্যক সংখ্যালঘু মানুহ। বিজেপি ভৰিৰ তলত মাটি নাই, ভিত্তিহীন কথা কৈ আছে।"

গৌৰীপুৰ এআইইউডিএফ কংগ্ৰেছ বিজেপি ধুবুৰী পঞ্চায়ত নিৰ্বাচন