পঞ্চায়ত সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি নতুন-পুৰণি বিজেপি কৰ্মীৰ মাজত সংঘাতঃ বামুনীত সমূহীয়া পদত্যাগ

নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুনীৰ স্থানীয় পুৰণি বিজেপি নেতা কৰ্মীয়ে বিধায়ক জিতু গোস্বামীৰ পৰিচালনাত অসন্তুষ্ট হৈ আজি সমূহীয়া পদত্যাগ কৰে৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পঞ্চায়ত সভাপতি কেন্দ্ৰ কৰি নতুন-পুৰণি বিজেপি কৰ্মীৰ মাজত সংঘাতঃ বামুনীত সমূহীয়া পদত্যাগ

ডিজিটেল সংবাদ, বঢ়মপুৰ: নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুনীৰ স্থানীয় পুৰণি বিজেপি নেতা কৰ্মীয়ে বিধায়ক জিতু গোস্বামীৰ পৰিচালনাত অসন্তুষ্ট হৈ আজি সমূহীয়া পদত্যাগৰ সিদ্ধান্ত গ্ৰহন কৰে৷ জানিব পৰা মতে, বামুনী গাওঁ পঞ্চায়ত গঠনৰ ক্ষেত্ৰত বিজেপি দলৰে পুৰণি নিষ্ঠাবান কৰ্মীৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ কৰিছে। 

Advertisment

তাৰোপৰি অভিযোগ উঠিছে, পুৰণি নিষ্ঠাবান কৰ্মীক একাষৰীয়া কৰি ন বিজেপিকহে অধিক অগ্ৰাধিকাৰ দিছে বিধায়কগৰাকীয়ে। এনে পৰিপ্ৰেক্ষিততে আজি মণ্ডল আৰু বুথ পৰ্যায়ৰ স্থানীয় নেতা, কৰ্মীসকলে অসন্তুষ্টি ব্যক্ত কৰি সমূহীয়াকৈ পদত্যাগ কৰে৷ 

ইফালে ক্ষোভিত স্থানীয় এই বিজেপি নেতা, কৰ্মীসকলে ইতিমধ্যে বিজেপিৰ জিলা সভাপতিৰ উপৰিও  ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ তেওঁলোকৰ পদত্যাগৰ কাৰণ উল্লেখ্য কৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। জানিব পৰা মতে এই পদত্যাগ পত্ৰৰ প্ৰতিলিপি স্থানীয় বিধায়ক জিতু গোস্বামীৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈয়ো প্ৰেৰণ কৰিছে। 

WhatsApp Image 2025-07-01 at 9.21.22 PM

বিজেপি বঢ়মপুৰ