Advertisment

সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হ’ল হুগ্ৰাজুলীৰ পানচৈ ৰাস মহোৎসৱ

শ্ৰীকৃষ্ণৰ ৰাসৰ যোগেদি উপস্থাপন কৰা হয় প্ৰেম আৰু ভক্তিভাবৰ। ব্যতিক্ৰম নহয় পাচনৈ ৰাস মহোৎসৱ। বৰ্ণময় কাৰ্য্যক্ৰমণিকাৰে দুদিনীয়াকৈ ৪৮ সংখ্যক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ আয়োজন কৰিছে 

author-image
Asomiya Pratidin
New Update
ৰাস

ডিজিটেল সংবাদ, ওৰাং : কৃষ্ণ বন্দনাৰে মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য। শ্ৰীকৃষ্ণৰ ৰাসলীলাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে এতিয়া দেখা গৈছে ব্যাপক উৎসাহ আৰু উদ্দীপনা। 

Advertisment

জীৱাত্মা আৰু পৰামাত্মাৰ মিলনৰ উৎসৱ এই ৰাস মহোৎসৱ। শৰৎ কালৰ বিতোপন চন্দ্ৰাৱালী নিশা ৰাসৰ জৰিয়তে গোপীসকলে দেখুৱাই কৃষ্ণ ভক্তি আৰু আত্মসমৰ্পণৰ নিৰ্দশন। 

শ্ৰীকৃষ্ণৰ ৰাসৰ যোগেদি উপস্থাপন কৰা হয় প্ৰেম আৰু ভক্তিভাবৰ। ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাৰ পাচনৈ ৰাস মহোৎসৱ। এইবেলি উদযাপন সমিতিয়ে বৰ্ণময় কাৰ্য্যক্ৰমণিকাৰে দুদিনীয়াকৈ ৪৮ সংখ্যক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ আয়োজন কৰিছে। 

আয়োজক সমিতিয়ে জনোৱা অনুসৰি কেৱল মহিলাৰ দ্বাৰা আয়োজন কৰিছে এই মহাৰাসৰ। মহাৰাসৰ বাকৰি পৰিণত হ’ল সম্প্ৰীতিৰ মিলনভূমিত। বিভিন্ন সম্প্ৰদায়, বিভিন্ন জনগোষ্ঠীৰ যুৱতী-মহিলাকে ধৰি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে ৰাসত। খোল-তাল, বাঁহীৰ সুৰত দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবসিত হ’ল হুগ্ৰাজুলীৰ পাচনৈৰ ৰাস মহোৎসৱ।

ৰাস মহোৎসৱ