/asomiyapratidin/media/media_files/2024/12/11/DGXo4t9J1w76QcqOGmQv.jpg)
ডিজিটেল সংবাদ, নঁগাওঃ নগাঁও জিলাৰ হাতীচোং কুজিদাহৰ নিৱাসী সৰবৰহী সমাজকৰ্মী পাঞ্চালী হাজৰিকাৰ বুধবাৰে দুপৰীয়া কুজিদাহৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫২বছৰ।
তেওঁ সুদীৰ্ঘ দিন এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছিল যদিও শেহতীয়াকৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ঘৰতে চিকিৎসা প্ৰদান কৰি থকা হৈছিল।
অবিবাহিতা পাঞ্চালী হাজৰিকা অঞ্চলটোৰ ৰাইজৰ মাজত খুবেই জনপ্ৰিয় আছিল। তেওঁৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ ভায়েক নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক পলাশ প্ৰতীম হাজৰিকাৰ লগতে বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।