ডিজিটেল ডেস্কঃ লঘু দোষতে প্ৰাক্তন কটনিয়ান তথা ডেলিভাৰীৰ কাম কৰা জ্ঞানদ্বীপ হাজৰিকাক পাণবজাৰ থানাৰ আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই কৰা দুঃব্যৱহাৰক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। সকলোৱে আৰক্ষী বিষয়াগৰাকীৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰণৰ দাবী উত্থাপন কৰিছে।
এনে সময়তে শনিবাৰে নিশা আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জ্ঞানদ্বীপে। পাণবজাৰ আৰক্ষী থানাত ৰুজু কৰা এই এজাহাৰত জ্ঞানদ্বীপে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছতে ততাতৈয়াকৈ নিলম্বন কৰা ভাৰ্গৱ বৰবৰাৰ স্থানত নতুন এগৰাকী বিষয়াক নিযুক্তি দিয়া হৈছে। শনিবাৰে নিশা পাণবজাৰ আৰক্ষী থানাৰ দায়িত্ব গ্ৰহণ কৰে মনজিৎ তেৰাঙে।