এপেক্স বেংকৰ অনিয়ম সন্দৰ্ভত পৰিচালন সঞ্চালকক জবাবদিহি কৰি বিপদত সাংবাদিক

সাংবাদিক গৰাকীক এনেদৰে আটক কৰা কাৰ্যত সকলোৱে একেমুখে ধিক্কাৰ দিয়াৰ লগতে কৰ্তব্য সম্পাদনত বাধা দি সংবাদ মাধ্যমৰ কণ্ঠৰুদ্ধ কৰিবলৈ বিচৰা ৰজাঘৰীয়াৰ এনে প্ৰচেষ্টাক নিন্দা কৰিছে দল-সংগঠনে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
csc

ডিজিটেল সংবাদ,গুৱাহাটীঃ  এপেক্স বেংকত সংঘটিত হৈ থকা কেলংকাৰী তথা অনিয়ম সন্দৰ্ভত পৰিচালন সঞ্চালকক প্ৰশ্ন কৰি বিপদত পৰিছে সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ। দৰাচলতে এপেক্স বেংকৰ ভিতৰচোৱাত সংঘটিত হৈ থকা অনিয়ম-কেলেংকাৰীৰ তদন্তৰ দাবীত পাণবজাৰস্থিত বেংকটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আজি দুপৰীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল জাতীয় যুৱ শক্তিয়ে।

Advertisment

সেই সময়তে উক্ত ঘটনা সন্দৰ্ভত এপেক্স বেংক কৰ্তৃপক্ষৰ মতামত ল’বলৈ বেংক পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সাক্ষাৎকাৰ বিচাৰি বেংকত উপস্থিত হৈছিল জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি বেংক কৰ্তৃপক্ষই পাণবজাৰ আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষীয়ে গুৱাহাটী বাতৰি সংগ্ৰহৰ বাবে বেংকত উপস্থিত হোৱা সাংবাদিক দিলোৱাৰ হুছেইনক আটক কৰে। বৰ্তমান পাণবজাৰ থানাত বহুৱাই থৈছে সাংবাদিকগৰাকীক।

আনহাতে সাংবাদিক গৰাকীক এনেদৰে আটক কৰা কাৰ্যত সকলোৱে একেমুখে ধিক্কাৰ দিয়াৰ লগতে কৰ্তব্য সম্পাদনত বাধা দি সংবাদ মাধ্যমৰ কণ্ঠৰুদ্ধ কৰিবলৈ বিচৰা ৰজাঘৰীয়াৰ এনে প্ৰচেষ্টাক নিন্দা কৰিছে ৰাইজ তথা দল-সংগঠনে। লগতে শীঘ্ৰে সাংবাদিক গৰাকীক মুকলি কৰি দিবলৈ দাবী জনাইছে।

এপেক্স বেংক কেলেংকাৰী