কোনে সংঘটিত কৰিছিল পানবাৰী CRPF কেম্পত গ্ৰেনেড বিস্ফোৰণ কাণ্ড?

আৰক্ষী অধীক্ষকজনৰ মতে, কোনো হতাশগ্রস্ত অপৰাধী বা গঁড় চিকাৰী এই ঘটনাত জড়িত থকাৰ অৱকাশ আছে। বিগত সময়ছোৱাত গোলাঘাট আৰক্ষীয়ে ৫০টাতকৈও অধিক চোৰাং চিকাৰী কৰায়ত্ত কৰাৰ উপৰি দুটা চিকাৰীৰ এনকাউণ্টাৰত মৃত্যু হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, বোকাখাত:   মঙলবাৰে নিশা বোকাখাতৰ পানবাৰীস্থিত চিআৰপিএফৰ কেম্পত বাইকেৰে যোৱা দুৰ্বৃত্তই গ্ৰেনেড নিক্ষেপ কৰি বিস্ফোৰণ ঘটোৱাৰ পাছত বৰ্তমানেও বোকাখাতত এক চেঁপা উত্তেজনাই বিৰাজ কৰি আছে।

Advertisment

পানবাৰীস্থিত চিআৰপিএফ কেম্পটো যদিও চিআৰপিএফ কেম্প তথাপিও বৰ্তমান ইয়াত বাহৰ পাতি আছে একাদশ অসম আৰক্ষীৰ জোৱানেহে। য'ত বিস্ফোৰণৰ ঘটনাটোত আহত হৈছিল সিদ্ধার্থ বৰবৰা, সুশীল ভূমিজ আৰু মিন্টু হাজৰিকা নামৰ তিনিজনকৈ আৰক্ষীৰ জোৱান। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু দুজন লোকক ইতিমধ্যs আটক কৰা হৈছে। 

উল্লেখযোগ্য যে, আৰক্ষীৰ ভাষ্য অনুসৰি মটৰ চাইকেলত অহা দুজন আৰোহীয়ে নিশাৰ আন্ধাৰত কেম্পটোলৈ গ্রেনেড দলিয়াই বিস্ফোৰণ ঘটাইছিল। বোকাখাত আৰক্ষীয়ে বুধবাৰে ঘটনাটোত ব্যৱহৃত মটৰ চাইকেলখন বোকাখাতৰ আজ আহমেদ নামৰ এজন লোকৰ বুলি নিশ্চিত হয়ছ। সেইমৰ্মে বিস্ফোৰণৰ ঘটনাটোত মটৰচাইকেলখন ব্যৱহাৰ কৰা পাণবাৰীৰে আকাশ দাস আৰু তেওঁৰ দুই সহযোগীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। 

আনহাতে আকাশ দাসৰ পৰিয়ালৰ তিনিজনক আনি জেৰা কৰিছে আৰক্ষীয়ে। আকাশ দাসে কিছুদিন নিজকে সংবাদ মাধ্যমৰ কৰ্মী বুলিও চিনাকি দিছিল। আকাশ দাস আৰু তেওঁ সহযোগী শেহতীয়াকৈ গৰু চুৰিকাৰ্যৰ সৈতেও জড়িত বুলি স্থানীয় লোকৰ পৰা তথ্য সংগ্ৰহ কৰিছে আৰক্ষীয়ে। 

ঘটনাৰ পাছতে ফৰেনচিক বিভাগ আৰু অপৰাধ অনুসন্ধান বিভাগৰ লোকে ঘটনাস্থলী পৰিদৰ্শন কৰে। আৰক্ষীৰ অনুসন্ধান কালত পাণবাৰীৰ এনিমেল কৰিড'ৰত থকা কেমেৰাৰ দ্বাৰা সংগৃহীত ফুটেজ পৰীক্ষা কৰা হৈছে। ঘটনাৰ পাছতেই চি আৰ পি এফ কেম্পটো পৰিদৰ্শন কৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু বোকাখাত সমজিলাৰ আয়ুক্ত শিৱানী জার্নিগেলে।

আৰক্ষী অধীক্ষকজনৰ মতে, কোনো হতাশগ্রস্ত অপৰাধী বা গঁড় চিকাৰী এই ঘটনাত জড়িত থকাৰ অৱকাশ আছে। বিগত সময়ছোৱাত গোলাঘাট আৰক্ষীয়ে ৫০টাতকৈও অধিক চোৰাং চিকাৰী কৰায়ত্ত কৰাৰ উপৰি দুটা চিকাৰীৰ এনকাউণ্টাৰত মৃত্যু হৈছে। এটা একে৪৭ আৰু এটা একে৫৬ ৰাইফলকে ধৰি ১১টাকৈ আগ্নেয়াস্ত্র গঁড় চিকাৰীৰ পৰা জব্দ কৰাৰ উপৰি ১০টাতকৈও অধিক গঁড় হত্যাৰ প্রচেষ্টা প্রতিহত কৰিছে আৰক্ষীয়ে। 

ড্রাগ ব্যৱসায়ীৰ ক্ষেত্ৰতো আৰক্ষীয়ে কঠোৰ স্থিতি গ্রহণ কৰিছে। এনে পটভূমিতে হতাশগ্রস্ত গড় চিকাৰী বা ড্রাগ বেপাৰীয়ে এই কাম কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। অৱশ্যে এতিয়াও এশ শতাংশ নিশ্চিত নহয় আৰক্ষী।

গোলাঘাটৰ আৰক্ষী অধীক্ষকজনে আগবঢ়োৱা ভাষ্যই কেইবাটাও দিশত তাৎপর্য বহন কৰিছে যদিও গ্রেনেড বিস্ফোৰণৰ ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো চিআৰপিএফৰ কেম্পত কোনে গ্রেনেড বিস্ফোৰণ কৰিলে, সেই সন্দর্ভত আৰক্ষীয়ে এ নিশ্চিতভাবে কোনো তথ্য ৰাজহুৱা কৰিব নোৱৰা কাৰ্যই এ গোটেই বিষয়টোক লৈ আৰক্ষীও যে বিভ্রান্ত, ব্যৰ্থ তাকেই কাৰ্যতঃ স্পষ্ট কৰিছে।

গোলাঘাট বোকাখাত